NORTHEAST NOW (Assamese)
অসম

হঠাতে অসুস্থ অভিনেতা মিথুন চক্ৰৱৰ্তী, হাস্পাতালত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2024 12:13 pm

অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে প্ৰসিদ্ধ অভিনেতা তথা ৰাজনীতিক মিথুন চক্ৰৱৰ্তীক। শনিবাৰে পুৱা কলকাতাৰ বাইপাছৰ সমীপৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয়।

সূত্ৰ অনুসৰি তেওঁ আজি পুৱা এখন ছবিৰ শ্বুটিঙত ব্যস্ত আছিল। শ্বুটিঙৰ সময়ত ফ্লোৰতেই তেওঁৰ অসুস্থ অনুভৱ কৰিছিল। তাতেই তেওঁ বহি পৰে। লগে লগে অভিনেতাজনক চিকিৎসালয়লৈ লৈ যোৱা হয়।

হঠাতে কি কাৰণত তেওঁ এনেদৰে অসুস্থ হৈ পৰিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু তেওঁৰ ধৰণৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে।

লগতে পঢ়কঃ পুনৰ ৰাজধানী ঘেৰাওৰ বাবে দিল্লীমুখী পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষক; থৰকাছুটি হেৰাইছে আৰক্ষীৰ

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৭৩ বছৰীয়া অভিনেতাজনৰ এম আৰ আই কৰা হৈছে। আন কেইবাটাও পৰীক্ষাও চলি আছে। তেওঁৰ চিকিৎসাৰ বাবে গঠন কৰা হৈছে বিশেষ চিকিৎসকৰ দল। সেই দলটোত বিশেষজ্ঞ চিকিৎসক আছে।

কোৱা হৈছে যে সকলো পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পিছতহে পৰৱৰ্তী চিকিৎসা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।

জানিব পৰা মতে, শনিবাৰে পুৱা শ্বুটিং চলি থকাৰ সময়তে হঠাতে বুকুত বিষ অনুভৱ কৰে অভিনেতাগৰাকীয়ে। খৰধৰকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হয় । অভিনেতাজনৰ ষ্ট্ৰোকৰ লক্ষণ দেখা যায় বুলি কোৱা হৈছে।

লগতে পঢ়কঃ আন্তৰ্জাতিক এদিনীয়াত শ্ৰীলংকাৰ হৈ প্ৰথম ডাবল চেঞ্চুৰীৰ অভিলেখ গঢ়িলে পাথুম নিছাংকাই

বৰ্তমান প্ৰসিদ্ধ অভিনেতাগৰাকী ‘শাস্ত্ৰী’ নামৰ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছিল। এই ছবিখনত বহু বছৰৰ মূৰত এটা ফ্ৰেমত ধৰা পৰিব মিথুন আৰু দেবাশ্ৰী ৰায়।