NORTHEAST NOW (Assamese)
অসম

‘বিতৰ্কিত’ এনচিবিৰ বিষয়া সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ইডিৰ; ৰুজু কৰিলে গোচৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 10, 2024 1:04 pm

এসময়ত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বাবে সমস্যাৰ সৃষ্টি কৰা মুম্বাই এনচিবিৰ প্ৰাক্তন মাণ্ডলিক সঞ্চালক সমীৰ ৱাংখেড়ে এতিয়া নিজেই বিপদত পৰিছে। আই আৰ এছ বিষয়া সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ই ডি-য়ে।

প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ৰ পিএমএলএ আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইডিয়ে একাংশ লোকক চমনো জাৰি কৰিছে। অহা সপ্তাহত এনচিবিৰ তিনিজন বিষয়াক সোধা-পোছাৰ বাবে মাতিছে ইডিয়ে।

লগতে পঢ়কঃ হঠাতে অসুস্থ অভিনেতা মিথুন চক্ৰৱৰ্তী, হাস্পাতালত ভৰ্তি

ইতিমধ্যে সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে চিবিআইয়ে গোচৰ ৰুজু কৰিছে। চিবিআইয়ে পঞ্জীয়ন কৰা একেখন এফআইআৰৰ ভিত্তিত সমীৰ বাংখেড়ে আৰু অন্যান্যৰ বিৰুদ্ধে পিএমএলএ আইনৰ অধীনত প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে এটা গোচৰ ৰুজু কৰিছে। এই ঘটনাত ইডিয়ে একাংশ লোকক জেৰাও কৰিছে।

কেৱল এয়াই নহয়, অহা সপ্তাহত জেৰাত অংশগ্ৰহণ কৰিবলৈ ইডিয়ে এনচিবিৰ সৈতে জড়িত একাংশ লোকক আৰু আন কিছুমানক ইয়াৰ মুম্বাই কাৰ্যালয়লৈ মাতি পঠিয়াইছে।

লগতে পঢ়কঃ আন্তৰ্জাতিক এদিনীয়াত শ্ৰীলংকাৰ হৈ প্ৰথম ডাবল চেঞ্চুৰীৰ অভিলেখ গঢ়িলে পাথুম নিছাংকাই

দৰাচলতে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ড্ৰাগছৰ গোচৰত মুক্ত কৰিবলৈ ২৫ কোটি টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগত সমীৰ ৱাংখেড়ে আৰু আন চাৰিজনৰ বিৰুদ্ধে যোৱা বছৰ চিবিআইয়ে এফআইআৰ দাখিল কৰিছিল। এই গোচৰত শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালক বেয়াকৈ জড়িত কৰা হৈছিল।