NORTHEAST NOW (Assamese)
দেশ

‘ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ অৰ্থ আপোচ নহয়’ : বিতৰ্কৰ পিছত মুখ খুলিলে ডি ৱাই চন্দ্ৰচুড়ে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 27, 2024 6:32 pm

শেহতীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বাসগৃহত অনুষ্ঠিত হোৱা এটা ধৰ্মীয় অনুষ্ঠানলৈ আমন্ত্ৰিত হৈছিল নৰেন্দ্ৰ মোদী। আমন্ত্ৰণক্ৰমে মুখ্য ন্যায়াধীশৰ ঘৰত অনুষ্ঠিত পূজাৰ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী। তাৰপিছতেই সমগ্ৰ দেশত বিতৰ্কৰ সৃষ্টি হয়।

ন্যায়পালিকাৰ শীৰ্ষ ব্যক্তিজনৰ লগত কাৰ্যপালিকাৰ শীৰ্ষ ব্যক্তিজনৰ ব্যক্তিগত সম্পৰ্কই ন্যায়ৰ ওপৰত থকা জনতাৰ বিশ্বাস আৰু আস্থা নোহোৱা কৰিব বুলি বিভিন্ন পক্ষই দাবী কৰে।

এই বিতৰ্কৰ সম্পৰ্কে এতিয়া মুখ খুলিছে ডি ৱাই চন্দ্ৰচুড়ে। চন্দ্ৰচুড়ে এটা অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত কয়,  ‘‘ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ অৰ্থ আপোচ নহয়।”

তেওঁ কয় যে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশসকলক সাক্ষাৎ কৰিব পাৰে। কিন্তু সেই সময়ত দুয়োটা পক্ষৰ মাজত কোনো গোচৰ সম্পৰ্কে আলোচনা হ’ব নালাগিব।

যোৱা ১১ ছেপ্টেম্বৰত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ঘৰত অনুষ্ঠিত গণেশ পূজাত উপস্থিত আছিল প্ৰধানমন্ত্ৰী! সাক্ষাতৰ ফটো বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত বিভিন্ন প্ৰশ্নৰ উত্থাপন হ’বলৈ ধৰিলে।

বিৰোধীৰ মতে, এনে বৈঠকে সন্দেহৰ সৃষ্টি কৰিছে। মুখ্য ন্যায়াধীশগৰাকীৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে।

ইয়াৰ পিছত বিজেপিয়ে তদানীন্তন মুখ্য ন্যায়াধীশ কে জি বালকৃষ্ণনৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৌজন্যমূলক বৈঠকৰ ফটো পোষ্ট কৰে।

বিতৰ্কৰ এমাহ পাৰ হৈ গ’ল। ইয়াৰ পিছত চন্দ্ৰচুড়ে কয় যে উচ্চতম ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া আৰু উচ্চতম ন্যায়ালয়ৰ বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ সম্পৰ্ক সম্পূৰ্ণ পৃথক। কিন্তু এই বৈঠকৰ ন্যায়িক প্ৰক্ৰিয়াৰ লগত কোনো সম্পৰ্ক নাই বুলি বুজিবলৈ মানসিকতা থকাটো প্ৰয়োজনীয়। এইটো বুজা উচিত যে ব্যক্তিগত সাক্ষাতৰ অৰ্থ আপোচ নহয়।