NORTHEAST NOW (Assamese)
Popular Stories

বন্ধ ঘৰত উদ্ধাৰ হৈছে ইউটিউবাৰ দম্পতীৰ মৃতদেহ! চৰম পন্থা বাছি লোৱাৰ অনুমান আৰক্ষীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 27, 2024 6:46 pm

বন্ধ ঘৰৰ পৰা উদ্ধাৰ হৈছে ইউটিউবাৰ দম্পতীৰ মৃতদেহ! দেওবাৰে কেৰালাৰ তিৰুৱানন্তপুৰমৰ নিজ গৃহত মৃত অৱস্থাত উদ্ধাৰ হয় দম্পতীহালক। সমগ্ৰ অঞ্চলটোত এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পি পৰিছে।

নিহত যুৱকজন চেলভাৰজ (৪৫) আৰু তেওঁৰ পত্নী প্ৰিয়া (৪০) বুলি চিনাক্ত কৰা হৈছে। চুবুৰীয়াই সন্দেহ প্ৰকাশ কৰিছে যে যোৱা দুদিন ধৰি দম্পতীহালে ঘৰৰ পৰা ওলাই অহা নাই। ফোন কৰি কোনো সঁহাৰি নোপোৱাৰ পিছত অৱশেষত তেওঁ আৰক্ষীক খবৰ দিয়ে। দেওবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। দুৱাৰখন ভাঙি যোৱাৰ লগে লগে প্ৰিয়াৰ নিথৰ শৰীৰটো বিচনাত পৰি থকা দেখা যায়। কাষৰ কোঠাটোৰ পৰা উদ্ধাৰ হৈছে চেলভাৰজৰ ওলমি থকা মৃতদেহ। আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰথমে দম্পতীহালে আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে।

স্থানীয় ৰাইজৰ মতে, এই দম্পতীহালে আগতে ‘চেলু ফেমিলি’ নামৰ এটা ইউটিউব চেনেল চলাইছিল। তেওঁলোকৰ চেনেলটোৰ চাবস্ক্ৰাইবাৰ প্ৰায় ১৮ হাজাৰ। আগতে ভিডিঅ’ বনাই নিয়মীয়াকৈ আপলোড কৰিছিল। তেওঁলোকৰ চেনেলত ১৪০০ৰো অধিক ইউটিউব ভিডিঅ’ আছে। সচৰাচৰৰ দৰে শুকুৰবাৰে নিশাও তেওঁলোকে ভিডিঅ’ পোষ্ট কৰে। হঠাৎ কিয় আত্মহত্যা কৰিলে সেই লৈ বিমোৰত পৰিছে আৰক্ষী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দম্পতীহালৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।