ক’ৰ’না ভাইৰাছৰ আতংক; হোম কোৰাণ্টেইন কৰাতো ভাৰতত কঠিন হ’ব কিয়?

সমগ্ৰ বিশ্বতে মাহামাৰী ৰূপধাৰণ কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছে ভাৰততো দ্ৰুত গতিত সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে।
২৮০ ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ইতিমধ্যে মৃত্যু হৈছে পাঁচজনকৈ আক্ৰান্তৰ।
বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীসকলে এই ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনৰ কাৰণে অহৰহ চেষ্টা কৰি আছে যদিও এতিয়া উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই।
সেয়ে প্ৰতিখন ৰাষ্ট্ৰই এই মাৰাত্মক ভাইৰাছ বিধক প্ৰতিৰোধ কৰিবলৈ প্ৰতিখন ৰাষ্ট্ৰই বিভিন্ন পন্থা অৱলম্বন কৰিছে।
তাৰ ভিতৰত মুখ্য পন্থাটোৱে হৈছে হোম কোৰাণ্টেইন। ইউৰোপৰ দেশসমূহত এয়া সম্ভৱ হৈছে যদিও ভাৰত হোম কোৰাণ্টেইনৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ’ব।
ভাৰতৰ অধিক সংখ্যক আৱাসগৃহত হোম কোৰাণ্টাইন কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ ঠাই নাই।
ভাৰতীয় মধ্যবিত্ত আৰু নিম্ন বিত্ত পৰিয়ালবোৰত আৱাসগৃহতো হোম কোৰাণ্টেইন কৰি ৰাখিবলৈ ঠাইৰ অভাৱ।
সমীক্ষাৰ মতে ভাৰতত এজন ব্যক্তিৰ বাবে এটাকৈ কোঠা থকা আৱাসগৃহ আছে ৪ কোটি, মুঠ সংখ্যাৰ ১৫ শতাংশ। এই ৪ কোটি আৱাসগৃহত ব্যক্তিক নিঃসঙ্গ কৰি ৰাখিব পৰাৰ ব্যৱস্থা নাই, যিকোনো প্ৰকাৰে মানুহৰ সংস্পৰ্শলৈ আহিবলৈ বাধ্য হ’ব। অৰ্থাৎ সামাজিক দূৰত্ব বৰ্তাই ৰখাটো অসম্ভৱপ্ৰায়।
ভাৰতত পাঁচকোঠলীয়া বা ততোধিক আৱাসগৃহ মাত্ৰ ৫ শতাংশহে আছে।
ইফালে সমগ্ৰ দেশতে ১ আৰু ২ টা কোঠা থকাৰ আৱাসগৃহৰ পৰিমাণ ৬৯ শতাংশ। এই বৃহৎ পৰিমাণৰ আৱাসগৃহত কোনো কাৰণতে সামাজিক দূৰত্ব বৰ্তাই বা কোনো লোকক নিঃসঙ্গ অৱস্থাত ৰখা সম্ভৱপৰ নহয়।
ইফালে এটা ৰুমৰ আৱাসীৰ গৃহৰ পৰিমাণটো হৈছে মাত্ৰ ৪ শতাংশহে। ৪ শতাংশ আৱাসৰ ভিতৰত ৯০ শতাংশৰহে ছেল্ফ কোৰাণ্টেইন কৰিব পৰা অৱস্থাত আছে। কিন্তু তেওঁলোকৰ আৱাসত আন কোনো ব্যক্তিক ৰাখিব পৰা নাযায়।
আনহাতে শ্লাম অঞ্চলৰ আৱাসগৃহবোৰৰ অৱস্থা অতি ভয়ানক, সেইসমূহত কোনো কাৰণতেই হিচাপত ধৰিব নোৱাৰি।
১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰতৰ জনসংখ্যাৰ ঘনত্বও যথেষ্ট বেছি। এই ১৩০ কোটি জনসংখ্যাৰ ১ শতাংশক কোৰাণ্টেইন কৰিব লগা হ’লে পৰিমাণটো হ’ব ১.৩ কোটি। ইয়াৰ আধা হ’লেও পৰিমাণটো হ’ব ৬৫ লাখ। ইমান বৃহৎ সংখ্যক লোকক কোৰাণ্টেইন কৰিবলৈ চৰকাৰী ব্যৱস্থাও নাই ভাৰতত।