NORTHEAST NOW (Assamese)
Popular Stories

সকলো ৰাজ্যক লকডাউনৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 23, 2020 12:17 pm
coron_1584032980_618x347

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ গুৰুতৰৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যক লকডাউন কৰাৰ নিৰ্দেশ দিছে। কেন্দ্ৰ চৰকাৰৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ।

উক্ত নিৰ্দেশনা উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ’ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে অসমতো ৰাজ্য চৰকাৰে মঙলবাৰৰ পৰা লকডাউনৰ সিদ্ধান্ত লোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত জনসংযোগ বিভাগে চৰকাৰে অসমত এই পৰ্যন্ত তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জনাইছে।

উল্লেখযোগ্য যে ভাৰতত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪১৫ গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে ৭জন ব্যক্তি মৃত্যু হৈছে।