NORTHEAST NOW (Assamese)
অসম

আই চি চিৰ উদ্বোধনী ‘প্লেয়াৰ অফ দ্যা মান্থ’ৰ খিতাপ ঋষভ পণ্টৰ শিৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2021 7:04 pm
আই চি চিৰ উদ্বোধনী ‘প্লেয়াৰ অফ দ্যা মান্থ’ৰ খিতাপ ঋষভ পণ্টৰ শিৰত

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে নতুনকৈ সংযোজন কৰা ‘আই চি চি প্লেয়াৰ অফ দ্যা মান্থ’ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ তাৰকা উইকেট ৰক্ষক বেটছমেন ঋষভ পণ্টে।

ঋষভ পণ্টে জানুৱাৰি মাহৰ বাবে প্লেয়াৰছ অফ দ্যা মান্থৰ সন্মান লাভ কৰে।

আনহাতে, ঋষভ পণ্ট এই সন্মান লাভ কৰা বিশ্বৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ঋষভ পণ্টে দাঙি ধৰা উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবেই আই চি চিয়ে মাহটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান যাচে ভাৰতীয় ক্ৰিকেটাৰ গৰাকীক।

পণ্টে ছিডনীত ৯৭ আৰু ব্ৰিছবেনত ৮৯ ৰানৰ ইনিংছ খেলি ভাৰতক অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলা জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আই চি চিৰ উদ্বোধনী ‘প্লেয়াৰ অফ দ্যা মান্থ’ৰ দৌৰত ঋষভ পণ্টৰ লগতে জ’ ৰুট, ষ্টিভ স্মিথ, মহম্মদ ছিৰাজ, টি নটৰাজন, ৱাশ্বিংটন সুন্দৰ আৰু চাৰ্দুল ঠাকুৰৰ দৰে ক্ৰিকেটাৰ আছিল।

ইপিনে, দক্ষিণ আফ্ৰিকাৰ ছাবমিন ইছমালি মহিলাৰ প্লেয়াৰ্ছ অফ দ্যা মান্থ হিচাপে আই চি চিয়ে ঘোষণা কৰে।