NORTHEAST NOW (Assamese)
Popular Stories

গুজৰাটত নতুনকৈ ১২ জনকৈ লোক মহামাৰী ক’ৰ’না ভাইৰাছত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 7:47 am
corona1_pti

সোমবাৰৰ দিনটোত গুজৰাটত ১২ জনকৈ লোক মহামাৰী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। এইদৰে ৰাজ্যখনত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ৩০ৰ ঘৰ পালে।

গুজৰাটৰ স্বাস্থ্য বিভাগে সোমবাৰে এই কথা জনায়।

সোমবাৰে চিনাক্ত হোৱা ১২ জন লোকৰ ভিতৰত ৭ জন লোক চৌদি আৰব, শ্ৰীলংকা, ফ্ৰান্স আৰু য়ুকেৰ পৰা ভ্ৰমণ কৰি অহা আৰু বাকী কেইজন স্থানীয়ভাৱেই আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে সদৰী কৰে।

এই পৰ্যন্ত ৰাজ্যখনৰ আহমেদাবাদত ১৩, বদোদৰাত ৬, ছুৰটত ৫, গান্ধীনগৰত ৪, কুটছ আৰু ৰাজকোটত একোজনকৈ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

ইয়াৰ উপৰি যোৱা দেওবাৰে ৰাজ্যখনৰ ছুৰটত ক’ৰ’নাৰ ফলত প্ৰথমজন ব্যক্তিৰ মৃত্যু হৈছিল। মৃত লোকজনৰ বয়স আছিল ৬৭ বছৰ।

ইফালে গুজৰাটৰ মুখ্য মন্ত্ৰী বিজয় ৰূপানীয়ে ৰাজ্যখনৰ সাধাৰণ জনতাক সজাগ হ’বলৈ অনুৰোধ জনোৱাৰ লগতে ক’ৰ’না প্ৰভাৱিত জিলা কেইখনৰ লোকে ৩১ মাৰ্চ পৰ্যন্ত নিজকে ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।