NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ-পূবত প্ৰৱেশ ক’ৰ’না ভাইৰাছ; মণিপুৰত এগৰাকী যুৱতী আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 9:46 am
Coronavirus-1-750x375

ভাৰতৰ প্ৰায়বোৰ ৰাজ্য আক্ৰান্ত হোৱাৰ পিছত এইবাৰ উত্তৰ-পূবত প্ৰথমটো ক’ৰ’না ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছে। এই ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰা ৰাজ্যখন হৈছে মণিপুৰ।

জানিব পৰা মতে ৰাজ্যখনৰ পশ্চিম ইম্ফলৰ ২৩ বছৰীয়া যুৱতী এগৰাকীৰ শৰীৰত এই ভাইৰাছবিধ ধৰা পৰিছে। অলপতে তেওঁ য়ুকেৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন, আছাম এছ’চিয়েশ্যনে এই তথ্য সত্য বুলি কোৱাৰ লগতে বৰ্তমান যুৱতীগৰাকীক ইম্ফলস্থিত JNIMSত ৰখা হৈছে বুলি জনায়।

ইফালে যুৱতীগৰাকীৰ সংস্পৰ্শলৈ অহা ২৩ গৰাকী লোকক এই পৰ্যন্ত আছুতীয়াকৈ নিৰীক্ষণত ৰখা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, ক’ৰ’নাৰ ফলত এই পৰ্যন্ত দেশত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০০ লোক এই মহামাৰী ভাইৰাছবিধত আক্ৰান্ত হৈছে।

দেশৰ ভিতৰত মহাৰাষ্ট্ৰতে সৰ্বাধিক লোক এই ভাইৰাছবিধত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।