NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ আতংক : আজি নিশা পুনৰ দেশবাসীক সম্বোধন কৰিব মোদীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 1:00 pm
COVID-19: President, PM, MPs to take a pay cut for 1 year

ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰা কাৰ্যত দেশবাসী চিন্তিত হোৱাৰ সময়তে আজি পুনৰ এবাৰ দেশবাসীক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব। প্ৰধান মন্ত্ৰীয়ে এই কথা টুইটযোগে জনায়।

প্ৰধান মন্ত্ৰীগৰাকীয়ে কয় যে আজি ৰাতি ৮ বজাত দেশবাসীক সম্বোধন কৰিম আৰু ক’ৰ’না ভাইৰাছ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিম।

উল্লেখ্য যে দেশত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৫০০ ৰো অধিক অতিক্ৰম কৰিছে। ইয়াৰ ভিতৰত ১০ জন লোকৰ মৃত্যু হৈছে।

ইতিমধ্যে এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰাৰ লগতে কেইবাখনো ৰাজ্যই কাৰ্ফিউ জাৰি কৰিছে।

অসম, দিল্লী, উত্তৰ প্ৰদেশ, গুজৰাট সহিতে দেশৰ ৩০খন ৰাজ্যই আজিৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰিছে। নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰিছে ৰাজ্য সমূহৰ চৰকাৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ১৯ মাৰ্চত ক’ৰ’না সন্দৰ্ভত দেশবাসীক সম্বোধন কৰি প্ৰধান মন্ত্ৰী মোদীয়ে ২২ মাৰ্চৰ দিনটো জনতা কাৰ্ফিউৰ ঘোষণা কৰিছিল।