NORTHEAST NOW (Assamese)
অসম

পৰিস্থিতিক গুৰুত্ব সহকাৰে গ্ৰহণ কৰক কাৰণ আমাৰ হাতত মাত্ৰ ১৫৫ খন আইচিয়ু বিচনাহে আছে : হিমন্ত বিশ্ব শৰ্মা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 24, 2020 4:19 pm
HSB

অসম বিধানসভাৰ অন্তিম দিনটোত আজি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’না ভাইৰাছৰ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি সম্বন্ধীয় প্ৰশ্নৰ উত্তৰ দিয়ে।

বিধানসভাৰ মজিয়াত ক’ৰ’না ভাইৰাছ যিহেতু সকলোৰে বাবে এক আকস্মিক দুৰ্যোগ সেয়েহে ইয়াৰ বাবে সকলোৱে একগোট হৈ প্ৰতিৰোধ গঢ়িব লাগিব বুলিও মন্ত্ৰী শৰ্মাই কয়।

আনহাতে, বৰ্তমানলৈ অসমত এগৰাকীও ক’ৰ’নাত আক্ৰান্ত হোৱা ব্যক্তি ধৰা পৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে এই মাৰাত্মক ভাইৰাছ বিধ যাতে অসমত বিস্তাৰিত হ’ব নোৱাৰে তাৰবাবে সকলোৱে সজাগ হোৱা দৰকাৰ বুলি কয়।

‘‘পৰিস্থিতিৰ ভয়াবহতাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰক আমাৰ ইয়াত যদি কিবা কাৰণত সংক্ৰমণ বৃদ্ধি পাই আমি মাত্ৰ ১৫৫ গৰাকী বৃদ্ধ ব্যক্তিকহে চিকিৎসা প্ৰদান কৰিব পাৰিম কাৰণ আমাৰ হাতত এতিয়ালৈ মাত্ৰ ১৫৫ খন আই চি য়ু বিচনা আছে,’’ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কয়।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ভবিষ্যতে অসমত আৰু অধিক আইচিয়ুৰ ব্যৱস্থা কৰিব পৰা যাব বুলি উল্লেখ কৰি অসমৰ সকলো জনসাধাৰণক এই কেইটা দিনত ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ বাবে অনুৰোধ কৰে।