NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ পূৰ্বে গুৱাহাটীৰ পদপথৰ গৃহহীন লোকসকলক আশ্ৰয় প্ৰদান

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 24, 2020 4:49 pm
Guwahati's street dwellers get shelter ahead of lockdown

লকডাউন আৰম্ভ হোৱাৰ পূৰ্বে মঙলবাৰে গুৱাহাটীৰ পদপথৰ গৃহহীন লোকসকলক আশ্ৰয়স্থল প্ৰদান কৰা হৈছে।

সমাজ কল্যাণ বিভাগৰ সহযোগত ৫টা বেচৰকাৰী সংস্থাই এই লোকসকলৰ দায়িত্ব বহন কৰিছে৷

মহানগৰীৰ ভৰলুমুখ,শুক্ৰেশ্বৰ মন্দিৰৰ লগতে বিভিন্ন স্থানৰ পৰা প্ৰায় ২০০ৰো অধিক গৃহহীন লোকক লৈ যোৱা হৈছে।

বেচৰকাৰী সংস্থাকেইটাই প্ৰশাসনৰ সহযোগত লোকসকলক নৈশ আশ্ৰয় স্থললৈ লৈ গৈছে৷

লোকসকলৰ বাবে থকাৰ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰাৰ লগতে অনিৰ্দিষ্ট কাললৈ তেওঁলোকৰ দায়িত্ব বহন কৰা হ’ব বুলি জানিব পৰা গৈছে৷

কৰ’নাভাইৰাছৰ আতংকৰ মাজত পদপথৰ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছিল।

তাৰোপৰি আন লোকলৈয়ো এইসকল লোকৰ পৰা বেমাৰ বিয়পাৰ আশংকা আছিল।