NORTHEAST NOW (Assamese)
অসম

অম্বুবাচী মেলাৰ ধৰণে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত চলোৱা হ’ব মাজুলী আৰু নলবাৰীৰ ৰাস মহোৎসৱৰ প্ৰচাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 24, 2019 6:33 pm
Rakh Mahotsabh

অম্বুবাচী মেলাৰ দৰেই অসমৰ ৰাসক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰ আৰু প্ৰসাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ পৰ্য্যটন বিভাগে।

মঙলবাৰে পল্টনবজাৰস্থিত পৰ্য্যটন ভৱনত এক সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰে নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

‘অম্বুবাচী মেলাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰচাৰ চলাই মেলাখনক এটা পৰ্য্যায়লৈ আনিবলৈ সক্ষম হৈছো। এইবছৰ আমি অসমৰ ৰাস মহোৎসৱক একে কাৰ্য্যসূচীৰে আগবঢ়াই নিব বিচাৰিছো। অসমৰ মূলতঃ মাজুলীৰ জীৱন্ত ৰাস আৰু নলবাৰীৰ মৃন্ময় মুৰ্তিৰ ৰাসক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰচাৰৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে’’, সংবাদমেলত এনেদৰে সদৰী কৰে জয়ন্ত মল্ল বৰুৱাই।

Nalbari Rakh
নলবাৰীৰ ৰাস মহোৎসৱ

তদুপৰি, অহা ২৭ চেপ্টেম্বৰৰ বিশ্ব পৰ্য্যটন দিৱসৰ দিনাখনেই ৰাসৰ অফিচিয়েল লগ’টো মুকলি কৰা হ’ব বুলি জানিবলৈ দি বৰুৱাই ৰাষ্ট্ৰৰ বিভিন্ন ঠাইত আৰু ৰাষ্ট্ৰৰ বাহিৰতো বিভিন্ন মাধ্যমৰ জৰিয়তে দুয়োখন ৰাসৰে প্ৰচাৰ কৰা হ’ব  বুলি জানিবলৈ দিয়ে।

অম্বুবাচী মেলাৰ ধৰণেৰে আঞ্চলিক, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়াৰ জৰিয়তে মাজুলী আৰু নলবাৰী ৰাসৰ বহুল প্ৰচাৰ চলোৱা হ’ব বুলিও বৰুৱাই কয়।

‘‘মাজুলীৰ বৈষ্ণৱ সংস্কৃতিক আগবঢ়াই নিবৰ কাৰণে এই প্ৰচাৰ চলোৱা হ’ব। তাৰ লগে লগে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰচাৰ আৰু প্ৰসাৰ ৰাসৰ মাধ্যমেৰে চলোৱা হ’ব। ৰাসৰ প্ৰতি পৰ্য্যটক সকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে পৰ্য্যটকক ৰাস দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে’’, বৰুৱাই সংবাদমেলত কয়।

ইপিনে, মথুৰা বৃন্দাৱনৰ পৰাও ধৰ্মগুৰু সকলক ৰাস দৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব বুলি উল্লেখ কৰি বৰুৱাই পৰ্য্যটক সকলে পাবলগীয়া সকলোবোৰ সা-সুবিধাৰ ব্যৱস্থা মাজুলী ৰাসত কৰা হ’ব বুলি কয়।

Majuli Rakh
মাজুলীৰ ৰাস

আনহাতে, ৰাস মহোৎসৱৰ দিনকেইটাত গুৱাহাটীৰ পৰা পোনপটীয়াকৈ বাছ সেৱা আগবঢ়োৱা হ’ব বুলিও জানিবলৈ দিয়ে বৰুৱাই।

তেওঁ লগতে মাজুলীৰ বিভিন্ন ৰাস মহোৎসৱলৈ যাবৰ বাবেও যাতায়তৰ ব্যৱস্থা কৰা হ’ব বুলিও সদৰী কৰে।

পৰ্য্যটন বিভাগৰ বিজ্ঞাপনৰ বাজেটৰ পৰাই ৰাসৰ প্ৰচাৰৰ বাবে খৰচ কৰা হ’ব বুলি তেওঁ কয়।

আনহাতে, একেখন সংবাদমেলতে ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীতো বিভিন্ন কাৰ্য্যসূচীৰে বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হ’ব বুলি তেওঁ জনায়।

কাৰ্য্যসূচী মতে দীঘলীপুখুৰী পৰা পুৱা ৭ বজাত চাইকেল ৰেলি,পৰ্যটন বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব।