NORTHEAST NOW (Assamese)
অসম

সোমবাৰৰ পৰা অসমত ১০০ শতাংশ দোকান খোলাৰ সম্ভাৱনা, বজাৰ বন্ধ থাকিব

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 17, 2020 11:49 pm
Nationwide lockdown extended for two more weeks

কাইলৈৰ পৰা ৰাজ্যত ১০০ শতাংশ দোকান খুলিব পাৰিব। মুখ্য মন্ত্রীৰে সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ এক গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

দোকানী সকলে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো অতিকৈ বাধ্যতামূলক বুলি তেওঁ কয়।

ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰিয়েই বন্ধ থাকিব হোটেল, শ্বপিং মল-কম্প্লেক্স, জিম। বাৰ আৰু ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত হোম ডেলিভাৰী সেৱা আগবঢ়াব পাৰিব বুলি তেওঁ কয়।

অৱশ্যে, কণ্টেইনমেণ্ট জ’ন সমূহত সকলো বন্ধ থাকিব বুলি তেওঁ জনায়।

আনহাতে পূৰ্বৰ দৰে সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা দিনৰ ৬ বজালৈকে নকৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে বাহাল থাকিব বুলি তেওঁ জনায়।

ইয়াৰোপৰি, তেওঁ জনোৱা অনুসৰি কাইলৈৰ পৰা ১০০ শতাংশ বিষয়া কৰ্মচাৰীৰে চৰকাৰী কাৰ্য্যালয় খোলাৰ সন্দৰ্ভত আলোচনা হৈছিল যদিও কাইলৈ পুৱাৰ ভাগতহে লিখিত জাননী প্ৰকাশ কৰিব বুলি তেওঁ কয়।

ইপিনে, যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত ৫০ শতাংশ যাত্ৰী, দুচকীয়াত এজন যাত্ৰী নীতিয়েই বাহাল থাকিব বুলি তেওঁ কয়।

সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাটো গুৰুত্বপূৰ্ণ বুলি তেওঁ কয়।

এখন জিলাত ২০০ ৰোগী আক্ৰান্ত হ’লে ৰেড zone ঘোষণা কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি বৰ্তমানলৈকে দেশত তেনে ৩০ খন জিলা আছে যি ২০০ অতিক্ৰম কৰিছে।