NORTHEAST NOW (Assamese)
অসম

পাটাছাৰকুছিত নিশা সাংসদ নৱ কুমাৰ শৰণীয়াৰ কনভয়ৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ

Posted by: এন ই নাও নিউজ August 20, 2019 7:34 am
Naba sarania convoy

কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ কনভয়ত সোমবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই কৰা আক্ৰমণক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

বৰপেটা জিলাৰ পাটাছাৰকুছি বিধানসভা সমষ্টিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দুৰ্বৃত্তই সাংসদগৰাকীৰ কনভয়ৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰে।

দুৰ্বৃত্তই সাংসদগৰাকীৰ কনভয়ক উদ্দেশ্য কৰি শিল দলিওৱাৰ ফলত অবড়ো নেতা ব্ৰজেন মহন্তৰ বলেৰো বাহনখন ক্ষতিগ্ৰস্ত হয়।

উল্লেখযোগ্য যে, কনভয়ত সাংসদ শৰণীয়াৰ গাড়ীৰ আগে আগে ব্ৰজেন মহন্তৰ বাহনখন গৈ আছিল।

দুৰ্বৃত্তই নৱ কুমাৰ শৰণীয়াৰ গাড়ীক লক্ষ্য কৰি আক্ৰমণ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও দুৰ্বৃত্তৰ আক্ৰমণ লক্ষ্যভ্ৰষ্ট হৈ ব্ৰজেন মহন্তৰ বাহনৰহে ক্ষতি হয়।

ইতিমধ্যে, আক্ৰমণৰ ঘটনা সন্দৰ্ভত ব্ৰজেন মহন্তই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

ব্ৰজেন মহন্তৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে।

ৰাজনৈতিক আক্ৰোশৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা শৰণীয়াৰ কনভয়ৰ ওপৰত এনেদৰে আক্ৰমণ চলোৱা হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনত অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক পৰাস্ত কৰি দ্বিতীয়টো কাৰ্য্যকালৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়।