NORTHEAST NOW (Assamese)
অসম

শিক্ষক দিৱস বৰ্জনৰ ঘোষণা ঐক্যমঞ্চৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2019 8:12 am
teacher protest

অহা ৫ ছেপ্তেম্বৰৰ শিক্ষক দিৱস বৰ্জন কৰি সিদিনাই নজিৰবিহীন কাৰ্যসূচী ঘোষণা কৰিব অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই। এই কথা ঘোষণা কৰিছে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ছবেদ ভূঞাই।

তেওঁ কয যে ঐক্যমঞ্চই ৰূপায়ণ কৰিব লগা কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ মুৰব্বীসকল ৰাইজৰ ওচৰত লজ্জিত হ’ব লাগিব।

তেওঁ লগতে কয় যে নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ শ্লোগান অসমত অৰ্থহীন। কিয়নো এই শ্লোগান আওৰাই থকাৰ সময়তে ৰাজ্যৰ বহু শিক্ষকে দৰমহাৰ মুখ নেদেখাকৈ প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

ভেঞ্চাৰ শিক্ষকসকলে কেনেদৰে জীৱন অতিবাহিত কৰি আছে সেই বিষয়ে ৰাজ্য চৰকাৰ জ্ঞাত যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

আনহাতে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াক বিলম্ব কৰাৰ স্বাৰ্থত চৰকাৰে পুনৰ পুনৰীক্ষণৰ নাটক ৰচনা কৰা বুলি অভিহিত কৰি সেই কাৰ্যক কোনো পধ্যে মানি নলয় বুলি ঐক্যমঞ্চই স্পষ্ট কৰি দিয়ে।

বৰপেটা চহৰৰ দিব্যাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ সভাত জিলা সমিতিৰ সভাপতি মণ্ডলীৰ সদস্য আব্দুল হামিদ শিকদাৰ, সম্পাদক আমিনুল ইছলাম, যুটীয়া সম্পাদক পুলেন্দ্ৰ দাসৰ লগতে ঐক্যমঞ্চৰ কেইবাগৰাকী নেতা তথা শিক্ষক-কৰ্মচাৰী  উপস্থিত থাকে।