NORTHEAST NOW (Assamese)
অসম

ৰাজস্থানৰ পৰা পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত অসমৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ড০ মনমোহন সিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2019 7:02 am
1984 Sikh massacre could have been avoided: Manmohan Singh

প্রাক্তন প্রধান মন্ত্রী ড0 মনমোহন সিং সোমবাৰে বিনাপ্ৰতিদ্বন্দিতাৰে ৰাজস্থানৰ পৰা পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

ৰাজস্থান বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমানৰ বাবে বিজেপিৰ হাতত নিৰ্দিষ্ট বিধায়ক নথকাৰ ফলত বিজেপিয়ে মনমোহন সিঙৰ বিপক্ষে কোনো প্ৰাৰ্থীত্ব আগনবঢ়াই যাৰ ফলশ্ৰুতিত বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ পুনৰ নিৰ্বাচিত হয় বৰ্ষীয়ান ৰাজনৈতিকগৰাকী।

ড০ সিং অসমৰ পৰা তিনিটা দশকৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

১৯৯১ চনৰ পৰা ২০১৯ চনলৈ তেওঁ পঞ্চমটো কাৰ্য্যকালৰ ববে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

চলিত বৰ্ষৰ জুন মাহত মনমোহন সিঙৰ ৰাজ্যসভাৰ সাংসদৰ কাৰ্য্যকালৰ অন্ত পৰিছিল আৰু অসমত কংগ্ৰেছ দলৰ প্ৰয়োজনীয় বিধায়কৰ সংখ্যা নথকা বাবে ড০ সিং অসমৰ পৰা পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হ’ব পৰা নাছিল।

ৰাজস্থানৰ কংগ্ৰেছৰ মুখ্য নেতা  মহেশ যোশীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ হৈ নিৰ্বাচনৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰে।

ৰাজস্থান বিজেপিৰ সভাপতি মদন লাল চাইনীৰ মৃত্যুৰ পাছৰে পৰা ৰাজস্থানৰ ৰাজ্যসভাৰ এখন আসন খালী হৈ আছিল।

ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলট আৰু বিধানসভাৰ অধ্যক্ষ চি পি যোশীয়ে মনমোহন সিঙক ধন্যবাদ জ্ঞাপন কৰে।

‘‘ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বাবে আমি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ধন্যবাদ জ্ঞাপন কৰিছো।ড০ সিং আমাৰ ৰাজ্যৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো গৌৰৱৰ বিষয়, তেখেতৰ অভিজ্ঞতা আৰু জ্ঞানে ৰাজস্থানৰ জনসাধাৰণক উপকৃত কৰিব’’-মুখ্য মন্ত্ৰী গেহলটে কয়।