NORTHEAST NOW (Assamese)
অসম

দুই গগৈৰ স্বাস্থ্যৰ বাৰ্তা দি কি ক’লে মন্ত্ৰী ড০ শৰ্মাই?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 10, 2020 4:26 pm
Akhil Tarun Himanta

বৃহস্পতিবাৰে দুই গগৈ ক্ৰমে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ স্বাস্থ্যৰ বাৰ্তা দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

GMCH ত সেনাৰ প্লাজমা দান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি পোনে পোনে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ যায় স্বাস্থ্য মন্ত্ৰীগৰাকী।

তাৰ পাছতে বৰ্তমান প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ স্বাস্থ্য সম্পৰ্কে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।

তেওঁ কয়, ‘তৰুণ গগৈৰ স্বাস্থ্য বৰ্তমান ঠিকেই আছে। তেওঁ নিজৰ চকীত বহিব পৰা হৈছে। টেলিভিশ্বনো চাইছে আৰু টেলিফোনেৰে ঘৰৰ মানুহৰ সৈতে কথা-বতৰা পাতিছে। তেওঁৰ অক্সিজেনৰ পৰিমাণ ৯২, বাথৰুমত গ’লে ৯০ আৰু অলপ জিৰণি ল’লে ৯৩ এনেকুৱা গতিতে আছে।‘

ইপিনে, বৰ্তমানো তৰুণ গগৈ নিগেটিভ হোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘নিগেটিভ হ’বলৈ আৰু চাৰি-পাঁচদিন লাগিব। আগন্তুক ১০-১৫ দিনলৈ তেওঁক অক্সিজেনৰ প্ৰয়োজন হ’ব। গতিকে আমাৰ চিকিৎসকসকলে ভাবে যে তেওঁ চিকিৎসালয়তে কিছুদিন জিৰণি লোৱাটো প্ৰয়োজন।‘

ইপিনে, কংগ্ৰেছী বিধায়িকা অজন্তা নেওগ আৰু সাংসদ দিলীপ শইকীয়াক আজি সন্ধিয়া GMCH ৰ পৰা যাবলৈ দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

অৱশ্যে সাংসদ তপন গগৈ বৰ্তমানো আই.চি.ইউত চিকিৎসাধীন হৈ প্লাজমা লৈ আছে বুলি তেওঁ কয়।

ইপিনে, অখিল গগৈয়ো বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে।

অখিলৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, ‘অখিল গগৈ আছে কাৰণে আছে আৰু। চিকিৎসকসকলে কৈছে তেওঁৰ বেমাৰ বুলি একো নাই। ইয়াতে থাকক বুলি আছে আৰু।‘

‘ইয়াত টিভিৰ আগতো তেওঁ সাক্ষাৎকাৰ দিছে। চিকিৎসকৰ ফালৰ পৰা দায়িত্ব শেষ। তেওঁ যদি যাব খোজে যাব পাৰে।‘ হিমন্তই এইদৰে কয়।