NORTHEAST NOW (Assamese)
অসম

উত্তৰ পূৰ্বাঞ্চলৰ ৫১ গৰাকী বৰ্তমানৰ আৰু ৩৫ গৰাকী প্ৰাক্তন সাংসদ-বিধায়কৰ বিৰুদ্ধে চলিছে গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 4:29 pm
law

অপৰাধী সাংসদ-বিধায়কেৰে ভৰিছে দেশৰ বিভিন্ন ৰাজ্যৰ  বিধানসভা আৰু সংসদ ভৱন।

ইয়াৰে ৫১ গৰাকী বৰ্তমানৰ সাংসদ-বিধায়কৰ লগতে ৩৫ গৰাকী প্ৰাক্তন সাংসদ বিধায়কেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ।

শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ অপৰাধী সাংসদ-বিধায়কৰ তথ্য পোহৰলৈ আহিছে উচ্চতম ন্যায়ালয়ৰ মজিয়াত।

২০১৬ চনতে অশ্বিনী কুমাৰ উপাধ্যায় নামৰ লোকজনে কৰা এখন ৰাজহুৱা স্বাৰ্থ জৰিত আবেদনৰ আঁত ধৰি অধিবক্তা বিজয় হাঞ্চাৰিয়া আৰু স্নেহা কলিতাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদন  অনুসৰি বিভিন্ন গোচৰত অভিযুক্ত উত্তৰ পূৰ্বাঞ্চলৰ ৮৬ গৰাকী বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদ-বিধায়কে এতিয়া কোনো শাস্তিৰ সন্মুখীন নোহোৱাকৈয়ে মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে।

অথচ তেওঁলোকৰ মাজৰে ১১ গৰাকী বৰ্তমানৰ আৰু ৯ গৰাকী প্ৰাক্তন সাংসদ- বিধায়কে কৰা দোষ ইমানেই গুৰুতৰ যে শাস্তি ঘোষণা হ’লে তেওঁলোকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱাটো খাটাং।

দেশৰ বিভিন্ন আদালতত বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদ-বিধায়কৰ বিৰুদ্ধে চলি আছে ৪,৪৪২টা গোচৰ।

ইয়াৰে ২৫,৫৬ টা গোচৰেই চলি আছে বৰ্তমানৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে।

কিন্তু এই গোচৰ সমূহৰ নিষ্পত্তি আজিলৈকে হোৱা নাই।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে অসমত নিষ্পত্তি নোহোৱাকৈ পৰি ৰোৱা এনে গোচৰৰ সংখ্যা ৩৫ টা।

এই গোচৰ সমূহৰ ২৫টা গোচৰেই আছে অসমৰ বৰ্তমানৰ ২৫ গৰাকী  বিধায়কৰ বিৰুদ্ধে।

২৫ টা গোচৰৰ ভিতৰৰে ১২ টাই যাৱজ্জীৱন কাৰাদণ্ডৰ যোগ্য গোচৰ।

অসমৰ বিৰোধী দলৰ বৰ্তমানৰ ৮ গৰাকী বিধায়কৰ বিৰুদ্ধে আছে এনে গোচৰ।

মণিপুৰত  বিধায়কৰ বিৰুদ্ধে থকা গোচৰৰ সংখ্যা ১৫টা,মিজোৰামত ৪টা,অৰুণাচলত ১৭ টা,ত্ৰিপুৰাত ১০ টা গোচৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে চলি আছে।