NORTHEAST NOW (Assamese)
অসম

সৰ্বানন্দ সোণোৱালৰ জন্মৰ আগত-পিছত কি কি কৰিছিল কংগ্ৰেছে? জনালে ৰিপুন বৰাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 20, 2020 8:24 pm
সৰ্বানন্দ সোণোৱালৰ জন্মৰ আগত-পিছত কি কি কৰিছিল কংগ্ৰেছে? জনালে ৰিপুন বৰাই

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মৰ পূৰ্বে আৰু জন্মৰ পাছত কংগ্ৰেছে কৰা কামৰ খতিয়ান দাঙি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

উল্লেখযোগ্য যে, প্ৰতিখন ৰাজনৈতিক সভাতে সৰ্বানন্দ সোণোৱালে ৬০ বছৰত কংগ্ৰেছে কৰিব নোৱাৰা কাম বিজেপিয়ে ৬ বছৰত সম্পূৰ্ণ কৰা বুলি মন্তব্য কৰিছিল।

তাৰ পাছতেই ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে ৰিপুন বৰাই। সংবাদমেলত সোণোৱালক উভতি ধৰি কটাক্ষ ৰিপুন বৰাৰ।

বিজেপিৰ দিনত নিজাববীয়াকৈ কোনো ধৰণৰ উন্নয়নমূলক তথা বৃহৎ প্ৰকল্পৰ কাম আৰম্ভ হৈ শেষ কৰিব পৰা নাই বুলিও দাবী ৰিপুন বৰাৰ।

সংবাদমেলতে কংগ্ৰেছে ৬০ বছৰত কৰি যোৱা কামৰ খতিয়ান দাঙি ধৰে ৰিপুন বৰাই।

উক্ত সংবাদমেলতে প্ৰথমে সোণোৱালক বুৰঞ্জী পঢ়াৰ আহ্বান জনাই ৰিপুন বৰাই কয় ‘কংগ্ৰেছে ৬০ বছৰে গঢ়া দেশ, বিজেপিয়ে ধ্বংস কৰিছে ৷ সোণোৱালৰ জন্মৰ পূৰ্বে পূৱ পাকিস্তানৰ পৰা গোপীনাথ বৰদলৈয়ে অসমক ৰক্ষা কৰিছিল। জৱহৰলাল নেহৰুৱে কেইবাখনো আই. আই. টিৰ লগতে বহু বিশ্ববিদ্যালয় স্থাপন কৰিছিল।

বৰাৰ প্ৰশ্ন —কোনটো কাম বিজেপিৰ দিনত কৰিলে সোণোৱালে দেখুৱাই দিয়ক।এটাও কাম তেওঁলোকে নিজেই কৰা নাই।

তেওঁ লগতে কয় ‘সোণোৱালে ল’ৰা ধেমালি কৰি থকাৰ সময়ত পাকিস্তানক দুভাগ কৰি ইন্দিৰা গান্ধীয়ে বাংলাদেশ সৃষ্টি কৰিছিল। সোণোৱাল পথাৰত দৌৰি থকা অৱস্থাত চিকিমক চীনৰ পৰা কাঢ়ি আনি ভাৰতৰ সৈতে চামিল কৰিছিল।‘

‘মুখ্যমন্ত্ৰী সোণোৱালে পঢ়া বিদ্যালয়, মহাবিদ্যালয় কোনে নিৰ্মাণ কৰিছিল , বিজেপিয়ে নিৰ্মাণ কৰিছিল নেকি ?  অসম সচিবালয়, সোণোৱালে বসবাস কৰা ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ কোনে নিৰ্মাণ কৰিছিল? এইদৰে প্ৰশ্ন কৰি বৰাই লগতে কয় ‘ সেয়া সকলো কংগ্ৰেছৰ দিনতে হোৱা। গতিকে ৬০ বছৰত কংগ্ৰেছে কি কৰিলে বুলি মন্তব্য কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ নাই বুলিও সমালোচনা কৰিলে ৰিপুণ বৰাই।‘

ইপিনে, উক্ত সংবাদমেলতে কিয় অসমৰ মানুহে হিয়া উজাৰি ভোট দিব বিজেপিক বুলি প্ৰশ্ন কৰি উত্তৰত নিজেই কয় কাৰণ জাতি, মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত অসমীয়াই ভেটি হেৰুৱাইছে।  চৰকাৰ খনে ‘কা’ সমৰ্থন কৰাৰ বাবে বিজেপিক ভোট দিব? ‘কা’ বিৰোধী আন্দোলন কৰাৰ বাবে অখিল গগৈক  কাৰাবন্দী কৰিছে ৷’