NORTHEAST NOW (Assamese)
অসম

নুমলীগড় শোধনাগাৰত মুখ্য মন্ত্ৰী, ৰাজ্যৰ কৃষি অর্থনীতিৰ উত্থানৰ নেতৃত্ব বহন কৰিবলৈ আহ্বান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 13, 2020 9:43 pm
Assam CM Sonowal visits Numaligarh refinery

অসমৰ কৃষিভিত্তিক অর্থনীতিৰ প্ৰসাৰৰ ক্ষেত্ৰত এক সক্রিয় ভূমিকা ল’বলৈ তথা স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা উন্নয়নৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে নুমলীগড় শোধনাগাৰ কর্তৃপক্ষক আজি আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে মঙলবাৰৰ দিনা কাজিৰঙাত অতিবাহিত কৰি আজি নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মুখ্য কার্যালয়ত নুমলীগড় ৰিফাইনেৰী সম্প্রসাৰণ প্রকল্প আৰু জৈৱ শোধনাগাৰ প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে৷

মুখ্য মন্ত্ৰীগৰাকীয়ে আজি দুয়োটা প্রকল্প নির্মাণস্থলী পৰিদৰ্শন কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। পৰিদৰ্শন কালত আয়োজিত প্ৰেছ মেলত মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ ঔদ্যোগিক দৃশ্যপটত নুমলীগড় শোধনাগাৰে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে আৰু ইয়াৰ সম্প্ৰসাৰণ প্রকল্প তথা জৈৱ বায়’ ইন্ধন প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ অর্থনীতিলৈ বহুখিনি আশা কঢ়িয়াই আনিছে।

অৱশ্যে প্রতিষ্ঠানটোৱে ইয়াৰ দক্ষতাৰ পাৰম্পৰিক ক্ষেত্ৰসমূহৰ পৰা ওলাই আহি ৰাজ্যৰ কৃষি অর্থনীতিৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰাৰ এয়াই উপযুক্ত সময় বুলিও মুখ্য মন্ত্রীয়ে মন্তব্য কৰে।

বাঁহক বর্তমান কৃষিজাত সামগ্ৰীৰ আওতালৈ অনা হৈছে আৰু এই ক্ষেত্ৰত নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক ইথানল প্ৰকল্পই এক ডাঙৰ সুযোগ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ নতুন বাঁহ আৰু বেত নীতিয়ে এই ক্ষেত্ৰত শোধনাগাৰটোক আৰু স্থানীয় কৃষকসকলক যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে।

নুমলীগড় শোধনাগাৰে ইয়াৰ সমলৰাজিৰে ৰাজ্যখনৰ থলুৱা অর্থনীতিৰ উত্থানৰ দিশত, বিশেষকৈ লকডাউনৰ সময়চোৱাত ক্ষতিগ্রস্ত হোৱা ৰাজ্যৰ উদ্যান শস্যত জড়িত কৃষকসকলক সকাহ দিয়াৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্রহণ কৰা উচিত বুলি মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

দক্ষ মানৱ সম্পদৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা উন্নয়নৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰ কর্তৃপক্ষক আহ্বান জনায়।

ক’ভিড-১৯ৰ সংক্রমণ ৰোধৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ প্রশংসা কৰি মুখ্য মন্ত্ৰীয়ে কয় প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীৰ আদৰ্শৰে পৰিচালিত হৈ ৰাজ্য চৰকাৰেও ন’ভেল কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অধিক সক্রিয়তা গ্ৰহণৰ লগতে ৰাজ্যৰ অর্থনীতি শক্তিশালী কৰাৰ বাবেও কাম কৰিছে৷

এইক্ষেত্ৰত চেনিটাইজেচন কার্যসূচী অব্যাহত ৰখাৰ উপৰিও যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ চিকিৎসালয়ত প্রয়োজনীয় সকলো সা-সঁজুলি মজুত ৰাখিবলৈ মুখ্য মন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰ কর্তৃপক্ষক আহ্বান জনায়।

লকডাউনৰ সময়ত নুমলীগড় শোধনাগাৰ কর্তৃপক্ষই শোধনাগাৰৰ কৰ্মীসকলক নিয়মীয়াকৈ দৰমহা প্রদানৰ বাবে প্রতিমাহে ১.২০ কোটি টকা ব্যয় কৰা আৰু প্রব্রজিত শ্ৰমিকৰ বাবে আশ্রয়ৰ ব্যৱস্থা কৰা কাৰ্যক মুখ্য মন্ত্ৰীয়ে ভূয়সী প্রশংসা কৰে।

আজিৰ শোধনাগাৰ পৰিদৰ্শনৰ সময়ত পৰিচালন সঞ্চালক এছ কে বৰুৱাই ২২,৫৯৪ কোটি টকা প্রকল্প ব্যয়ৰে শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ কাম অহা ৪৮ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে বুলি মুখ্য মন্ত্রীক জনায়।

এই কাম সম্পূর্ণ হৈ উঠিলে শোধনাগাৰৰ সামৰ্থ্য বর্তমানৰ ৩ এম এম টি পি এৰ পৰা ৯ এম এম টি পি এলৈ বৃদ্ধি পাব বুলিও লগতে জনায়।  পৰিচালন সঞ্চালকগৰাকীৰ মতে ১৭৫০ কোটি টকা প্রকল্প ব্যয়সাপেক্ষ বায়’ ৰিফাইনেৰী প্লান্টৰ কাম সম্পূর্ণ হৈ উঠিলে ইয়াত কেঁচামাল হিচাপে বছৰি ৫ লাখ মেট্রিকটন বাঁহ ব্যৱহৃত হ’ব আৰু মূল উৎপাদন হিচাপে বছৰি ৪৯০০০ মেট্রিক টন ইথানল উৎপাদন কৰিবলৈ শোধনাগাৰটো সক্ষম হ’ব বুলিও জনায়।

এই প্লান্টৰ কাম ২০২১ চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰি তেওঁ এই প্রকল্পৰ সফল ৰূপায়ণৰ বাবে বন আৰু গড়কাপ্টানি বিভাগ তথা সুৰক্ষা বিষয়ক কেইবাটাও দিশত সহায়ৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান জনায়।

ইয়াৰ প্ৰত্যুত্তৰত নুমলীগড় শোধনাগাৰক প্রয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব বুলি মুখ্য মন্ত্ৰীয়ে আশ্বাস প্রদান কৰে।

নুমলীগড় শোধনাগাৰ পৰিদৰ্শনৰ সময়ত কৃষি মন্ত্রী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক ক্রমে মৃণাল শইকীয়া, ৰোজলীনা তির্কী আৰু বিমল বৰা, গোলাঘাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক, গড়কাপ্টানি আৰু বন বিভাগৰ জিলা পর্যায়ৰ বিষয়াসকলৰ লগতে অন্যান্য শীর্ষ বিষয়ববীয়াসকল উপস্থিত থাকে৷