NORTHEAST NOW (Assamese)
অসম

অসমৰ ছাত্ৰ-ছাত্ৰী, গৃহ ঋণীলৈ সকাহ; মুকলি “আপোনাৰ আপোন ঘৰ”, “অভিনন্দন”

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 24, 2019 6:21 pm
New draft of Citizenship Bill in pipeline, says Himanta Biswa

অসমৰ ছাত্ৰ-ছাত্ৰী আৰু গৃহ ঋণীসকললৈ সকাহেৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে “আপোনাৰ আপোন ঘৰ” আৰু “অভিনন্দন” নামৰ দুখন আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰিছে।

মন্ত্ৰী শৰ্মাই গুৱাহাটীৰ নেডফি হাউচত আঁচনি দুখন মুকলি কৰে।

মন্ত্ৰীজনে জনোৱা মতে, আনুষ্ঠানিকভাৱে মুকলি কৰা আঁচনি দুখন যোৱা ১ এপ্ৰিলৰ পৰাই কাৰ্য্যকৰী হৈ আছে।

আঁচনি দুখনৰ অধীনত ৩১ মাৰ্চ ২০২০লৈকে হিতাধিকাৰীসকলক সামৰি লোৱা হ’ব।

“আপোনাৰ আপোন ঘৰ” আঁচনিৰ অধীনত অসমৰ ২০লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ লোকসকলে গৃহ ঋণৰ ক্ষেত্ৰত ৰেহাই পাব।

পূৰ্বৰ “আপোন ঘৰ”ৰ হিতাধিকাৰীয়ে নতুন আঁচনিখনৰ অধীনত আবেদন কৰিব নোৱাৰিব।

“৫ লাখৰ পৰা ১০ লাখ টকাৰ ঋণ ল’লে, ১ লাখ ৰেহাই পাব। ১০ৰ পৰা ২০ লাখলৈকে লৈকে ডেৰ লাখ টকা ৰেহাই, ২০-৩০ লাখত ২ লাখ টকা ৰেহাই পাব। ৩০-৪০ লাখলৈকে ২.৫০ লাখ টকা ৰেহাই পাব। ৪০ লাখৰ ওপৰত ল’লেও পাব ২.৫০ লাখ টকাহে ৰেহাই পাব,” আঁচনি মুকলি কৰি শৰ্মাই জনায়।

তেওঁ লগতে জনাই যে আবেদনৰ বাবে এটা বিত্ত বিভাগৰ ৱে’বছাইটৰ লগতে এক ব্যৱস্থা মুকলি কৰা হৈছে।

হিতাধিকাৰীসকলে ৱে’বছাইটত গৈয়ে ঋণৰ সুবিধা লাভ কৰিব পাৰিব, বেংকলৈ যোৱাৰ প্ৰয়োজন নহয়, মন্ত্ৰীজনে জনায়।

“বেংকত ইতিমধ্যে চৰকাৰৰ পৰা ধনসমূহ জমা দি থৈছে। বিত্ত বিভাগৰ ৱে’বছাইটত গ’লেই হ’ব হিতাধিকাৰীৰ। ঋণ লোৱাসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব, আয়ৰ প্ৰমাণ পত্ৰ নালাগে। চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত সকলো কৰ্মচাৰীয়েই এই ঋণ লওঁতে ৰেহাই লাভ কৰিব,” শৰ্মাই জনায়।

আনহাতে “অভিনন্দন” আঁচনিৰ জৰিয়তে ঋণী ছাত্ৰ-ছাত্ৰীক সকাহ দিব বিচৰা হৈছে।

“অসমত আগতে লোৱা শিক্ষা ল’নসমূহৰ হিতাধিকাৰীক (বেংকত) ৫০ হাজাৰকৈ টকা সুমুৱাই দিব চৰকাৰে। ৬০ হাজাৰ টকা বা তাৰ ওপৰত ঋণ লোৱা সকলৰ একাউন্টত ভৰাই দিব ৫০ হাজাৰকৈ টকা,” শৰ্মাই জনায়।

মন্ত্ৰীজনে জনোৱা মতে, ঋণৰ পৰিমাণ ৬০ হাজাৰতকৈ কম হ’লে সম্পূৰ্ণ ঋণ অসম চৰকাৰে পৰিশোধ কৰিব।