NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত ভূমিকম্প; ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰত, পাকিস্তানতো জোকাৰণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2019 5:42 pm
Earthquake shakes Delhi NCR, North India, Pakistan, epicentre Kashmir

মধ্যমীয়া প্ৰাবল্যৰ এক ভূমিকম্পই মঙলবাৰে বিয়লি ৪.৩১ বজাত কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত জোকাৰি যায়।

ৰিখতাৰ স্কে’লত ৬.৩ প্ৰাবল্যৰ ভূমিকম্পটোৱে দেশৰ ৰাজধানী নতুন দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন এলেকাতো জোকাৰণি তোলে।

খবৰ মতে, ভূমিকম্পটোৱে পাকিস্তানকো জোকাৰি গৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, ভূমিকম্পটোৰ উৎপত্তিস্থল ভাৰত-পাক সীমান্তৰ ৩২.৯উত্তৰ অক্ষাংশ আৰু ৭৩.৭পূব দ্ৰাঘিমাংশ।

ভূমিকেন্দ্ৰটোৰ অভিকেন্দ্ৰ আছিল ভূ-পৃষ্ঠৰ ৪০ কি.মি. গভীৰত।