NORTHEAST NOW (Assamese)
অসম

‘মেজিৰ জুইয়ে বিটিআৰ অঞ্চলৰ সমস্যাসমূহ আঁতৰ কৰিব’ : বিটিচি প্ৰধান প্ৰমোদ বড়ো

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক January 14, 2021 1:51 pm
Pramod Bodo

আজি মাঘ বিহুৰ দিনা নিজৰ জন্ম গাঁৱত সপত্নীক উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।

প্ৰমোদ বড়োৰ নিজ গাঁও সৌৰাগুৰিত গাঁওবাসীয়ে উদযাপন কৰা ভোগালী উৎসৱথলীত সাজি উলিওৱা মেজি আজি পুৱা ৯-০০ বজাত এক মাংগলিক পৰিৱেশত মেজি জ্বলায় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে।

আজি জাতীয় সাজ পৰিধান কৰি ভোগালী উৎসৱত অংশ লোৱা দেখা বিটিচিৰ প্ৰধান প্ৰমোদ বড়োক।

উল্লেখযোগ্য যে প্ৰমোদ বড়োৱে অধ্যয়ন কৰা সৌৰাগুৰি প্ৰাথমিক বিদ্যালয় খেল পথাৰত ৰাইজে মেজি আৰু ভেলাঘৰ সাজি উলিয়ায়।

আয়তিৰ নাম প্ৰসংগ আৰু হৰি ধ্বনিৰ মাজেৰে এক মাংগলিক পৰিৱেশত প্ৰমোদ বড়োৱে গাঁওবাসীৰ সহযোগত মেজি জ্বলায়।

মেজি জ্বলোৱাৰ পিছত সাংবাদিকেৰে হোৱা এক বাৰ্তালাপত প্ৰমোদ বড়োৱে কয় “এই মেজিৰ জুইয়ে সমাজৰ পৰা অপশক্তিক নাশ কৰাৰ লগতে বিটিআৰ অঞ্চলৰ সমস্যা সমূহ আঁতৰ কৰিব।”

মেজিৰ জুয়ে বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব বুলিও আশা ব্যক্ত কৰে নৱ নিৰ্বাচিত বিটিচি প্ৰধানগৰাকীয়ে।

ইপিনে সৰু কালতে সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত পঢ়া শুনা কৰা আৰু বিদ্যালয়খনৰ খেল পথাৰত খেলা ধূলা কৰাৰ কথা সুঁৱৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো নষ্টালজিক হৈ পৰে।

নিজে অধ্যয়ন কৰা  বিদ্যালয়খনৰ দুৰাৱস্থা দেখি দুখ প্ৰকাশ কৰে বিটিচি প্ৰধান গৰাকীয়ে।