NORTHEAST NOW (Assamese)
Popular Stories

অসম আৰক্ষীত ১৮৫ টা পদ খালী : নিযুক্তিৰ বাবে আবেদন আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2020 2:21 pm
AssamPolice_Recruitment-1024x615-750x375

দেশত অভাৱনীয় হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ সময়তে অসম চৰকাৰে সুখবৰ কঢ়িয়াই আনিছে চাকৰি বিচাৰি থকা ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকললৈ।

অসমত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড (এছ এল পি আৰ বি) এ কনিষ্ঠ সহায়ক পদৰ বাবে নিযুক্তি সম্বন্ধীয় জাননী জাৰি কৰিছে। মুঠ খালী থকা পদৰ সংখ্যা হৈছে ১৮৫ টা।

এই চাকৰিৰ বাবে প্ৰাৰ্থীসকল স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। আবেদনৰ শেষ সময়সীমা হৈছে ৪-৫-২০২০।

উল্লেখ্য যে এই পদ সমূহত নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থী সকলৰ পে স্কেল ১৪০০০-৪৯০০০+৮৭০০।

সবিশেষ

পদৰ নাম- কনিষ্ঠ সহায়ক

মুঠ সংখ্যা- ১৮৫

আবেদনৰ অন্তিম দিন- ৪-৫-২০২০

ঠাই- গুৱাহাটী

আবেদনকাৰীৰ ১৮ বছৰৰ পৰা ৩৮ বছৰ বয়সৰ ভিতৰৰ হ’ব লাগিব।

প্ৰাৰ্থীসকলৰ আবেদন সকলো দিশৰ পৰা শুদ্ধ হ’লে প্ৰথমে লিখিত পৰীক্ষা আৰু পিছত সাক্ষাৎ গ্ৰহণ কৰি নিৰ্বাচিত কৰা হ’ব।

উল্লেখ্য যে প্ৰাৰ্থীসকলে বিভাগীয় ৱেছাইটত গৈ আবেদন কৰিব পাৰিব।