NORTHEAST NOW (Assamese)
অসম

কৰ্ণাটকত ৰে’লৰ পৰা পৰি আঘাতপ্ৰাপ্ত বড়ো যুৱক; ৰাস্তাতে পৰি আছে বিগত দুদিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2020 6:16 pm
Karnatak Story

সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ বাবে লকডাউন ঘোষণা কৰাৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা যুৱক-যুৱতী সকল নিজৰ জন্মস্থানলৈ উভতি আহিছে।

কৰ্ণাটকৰ বাংগালুৰুৰ পৰা ৰে’লেৰে উভতি আহি থকা অৱস্থাত এগৰাকী বড়ো যুৱক শ্ৰীকাকুলাম ৰে’ল ষ্টেশ্যনত ৰে’লৰ পৰা পৰি যায় বুলি স্পুৰ্থি কলিপাক্কা নামাৰ নামৰ এগৰাকী যুৱতীয়ে আজি নিজৰ টুইটাৰ যোগে শ্বেয়াৰ কৰিছে।

যুৱকজনে ৰে’লৰ পৰা পৰি যোৱাৰ পাছত আঘাতপ্ৰাপ্ত হৈছে আৰু বিগত দুদিন ধৰি ৰাস্তাতে পৰি আছে বুলি উল্লেখ কৰি যুৱতী গৰাকীয়ে ৰে’ল কৰ্তৃপক্ষ আৰু স্থানীয় আৰক্ষী কোনেও যুৱকজনক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই বুলি উল্লেখ কৰে।

অৰ্থাৎ বড়ো যুৱকজন ২৩ মাৰ্চতে চলন্ত ৰে’লৰ পৰা পৰি গৈছিল।

আনহাতে, যুৱকজনৰ লগত থকা আধাৰকাৰ্ডৰ পৰা যুৱকজনৰ নাম মেপাল বসুমতাৰী বুলি জানিব পৰা গৈছে।