NORTHEAST NOW (Assamese)
অসম

বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি পৰৱৰ্তী ইটালী হ’ব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 26, 2020 4:38 pm
USA Corona death toll

ক’ৰ’না ভাইৰাছৰ ফলত এতিয়া পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থাও সংকটত।

বৰ্তমানলৈ আমেৰিকাত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ১০০০ কৈ অধিক লোকৰ মৃত্যু হৈছে।

দেশখনত প্ৰায় ৬৮,৫৭২ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

এই মহামাৰী ভাইৰাছৰ বিধৰ সংক্ৰমণৰ সংখ্যাৰ ফালৰ পৰা আমেৰিকাই ইটালী আৰু চীনৰ পাছতে তৃতীয় স্থান অধিকাৰ কৰিছে।

আনহাতে, আমেৰিকাত ক’ৰ’না ভাইৰাছ বিধৰ ফলত মৃত্যু হোৱা লোক সকলৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে নিউয়ৰ্ক চহৰত।

নিউয়ৰ্কত সৰ্বাধিক ৩৬৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৱাশ্চিংটনত ১৩৩ গৰাকী লোকে মৃত্যুক আকোৱালি লৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বেই ক’ৰ’না ভাইৰাছক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰক সকীয়নি দি থৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক’ৰ’না ভাইৰাছৰ পৰৱৰ্তী অভিকেন্দ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষক মাগ্ৰেট হেৰিছে আনকি আমেৰিকা পৰৱৰ্তী ইটালী হ’ব পাৰে বুলিও মন্তব্য কৰে।