NORTHEAST NOW (Assamese)
অসম

COVID19ৰ বিৰুদ্ধে ভাৰতৰ যুঁজ চলি থকাৰ মাজতে ৰাজ্যপালসমূহক সম্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2020 7:59 am
fc49a9cdef8a7a136f32cd89d9abdf66

COVID19ৰ সংকটৰ মাজতে এক অভূতপূৰ্ব পদক্ষেপ হিচাপে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে শুকুৰবাৰে পুৱা দেশৰ সকলো গৱৰ্ণৰ আৰু লেফটেনেন্টে গৱৰ্ণৰক উদ্দেশ্যি ভিডিঅ’ কনফাৰেন্সিং যোগে সম্বোধন কৰিব।

উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও তেওঁৰ বাসভৱনৰ পৰাই সকলো গুৰুত্বপূৰ্ণ সভাত অংশ ল’ব বুলি আশা কৰা হৈছে।

ৰাষ্ট্ৰপতিৰ কনফাৰেন্সত ৰেডক্ৰছ ছচাইটিকে ধৰি শীৰ্ষ স্বেচ্ছাসেৱী সংগঠনসমূহো উপস্থিত থাকিব।

কনফাৰেন্সিঙৰ সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষকৈ COVID19ৰ সংকট বৃদ্ধি পোৱা সাত-আঠখন ৰাজ্যৰ ৰাজ্যপালৰ সৈতে বিতংভাৱে ভাৱ বিনিময় কৰিব।

সাধাৰণতে এক ডাঙৰ সংকটৰ সময়ত ৰাষ্ট্ৰপতিয়ে কাচিৎহে ৰাজ্যপালসমূহৰ সৈতে ভাৱ বিনিময় কৰা দেখা যায়।

অৱশ্যে, বৰ্তমান ভাৰতকে ধৰি গোটেই বিশ্বতে দেখা দিয়া সংকটলৈ লক্ষ্য কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যপালসমূহৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী ৰেডক্ৰছ ছচাইটিৰো সভাপতি। সেয়েহে, তেওঁ ইয়াৰ বিষয়াসকলৰ সৈতেও পৰ্যালোচনা কৰিব।

ভাৰতত ৰেডক্ৰছ ছচাইটিৰ মুঠতে ১১০০ টা শাখা আছে।

সূত্ৰসমূহৰ মতে, ৰাষ্ট্ৰপতিগৰাকীয়ে COVID19ৰ সংকট প্ৰতিদিনে বৃদ্ধি পোৱা   পঞ্জাৱ, কেৰালা, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সৈতে বিশদভাৱে কথা পাতিব।

চৰকাৰৰ কামকাজৰ সৈতে কেইবাদশকৰো অভিজ্ঞতাৰে সমৃদ্ধ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও ৰাজ্যপালসমূহক পৰামৰ্শ আগবঢ়োৱাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি, কেইবাটাও গুৰুত্বপূৰ্ণ তথা বৃহৎ স্বেচ্ছাসেৱী সংস্থাক এই সংকটৰ সময়ত বিশেষকৈ দৰিদ্ৰ শ্ৰেণীক খাদ্য তথা আশ্ৰয় আগবঢ়োৱাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱা হ’ব।