NORTHEAST NOW (Assamese)
অসম

কৰ’না ত্ৰাস: ভাৰতত COVID-19 ৰ বিৰুদ্ধে যুঁজ দিবলৈ বাজাজ গ্ৰুপে আগবঢ়াব ১০০ কোটি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2020 10:01 am
bajaj-auto-announced-q4-result_71820

ভাৰতত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে বাজাজ গ্ৰুপ।

বাজাজ গ্ৰুপে COVID-19 ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ১০০ কোটি টকাৰ বৰঙণি আগবঢ়াবলৈ সাজু হৈছে।

বাজাজে কৈছে যে ই চৰকাৰৰ সৈতে নিকটভাৱে কাম কৰিব আৰু ইয়াৰ ২০০তকৈয়ো অধিক বেচৰকাৰী সংস্থাৰ সৈতে থকা শক্তিশালী নেটৱৰ্ক তথা উপলব্ধ সম্পদসমূহ কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত প্ৰয়োগ কৰাৰ ব্যৱস্থা লৈছে।

পুনেস্থিত কোম্পানীটোৱে কৰ’নাভাইৰাছ সংক্ৰমণৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় হোৱা স্বাস্থ্যসেৱাৰ আন্ত:গাঁথনি উনন্নীতকৰণত সহায় কৰিব।

কোম্পানীটোৱে ব্যক্তিগত তথা চৰকাৰী হাস্পাতলসমূহ চিনাক্ত কৰিছে য’ত ই আইচিয়ুসমূহ উন্নত কৰি তোলাৰ লগতে ৰোগীৰ বাবে ভেন্টিলেটৰ্ছ আৰু স্বাস্থ্যসেৱাৰ কৰ্মী, চিকিৎসক, নাৰ্ছ তথা আন চিকিৎসা কৰ্মীৰ ব্যক্তিগত সুৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় আহিলাসমূহ ক্ৰয় কৰাত সহায় কৰিব।

কোম্পানীটোৱে লগতে পুনে, পিম্পৰি-চিনচোৱাদ অঞ্চল তথা পুনেৰ গ্ৰাম্যাঞ্চলত  COVID-19 ৰ বাবে আইছ’লেশ্যন য়ুনিট আৰু পৰীক্ষণৰ সুবিধা বৃদ্ধি কৰাতো সহায় কৰিব।