NORTHEAST NOW (Assamese)
Popular Stories

‘দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহক লৈ প্ৰিয়ংকা চোপ্ৰা কিয় নিশ্চুপ?’; মিয়া খালিফাৰ প্ৰশ্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2021 7:38 pm
956191-mia-khalifa-priyanka-chopra

বলিউদৰ তাৰকা তথা আমেৰিকাৰ বোৱাৰী প্ৰিয়ংকা চোপ্ৰা দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহ সম্পৰ্কে কিয় নিশ্চুপ হৈ আছে সেই কথা জানিব বিচাৰিছে ইন্টাৰনেট ব্যক্তিত্ব মিয়া খালিফাই।

যোৱা ৭০ টাৰো অধিক দিন দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত থকা কৃষক বিদ্ৰোহৰ বিষয়ে বলিউদৰ অভিনেত্ৰীগৰাকী নিশ্চুপ হৈ থকা বুলি অভিযোগ তুলিছে মিয়া খালিফাই।

সোমবাৰে দিয়া এটা টুইটত লেবাননৰ বৰ্তমানৰ ইন্টাৰনেট ব্যক্তিত্বগৰাকীয়ে মিমেছ জ’নাছ বুলি প্ৰিয়ংকা চোপ্ৰালৈ আঙুলিয়াই কৃষক বিদ্ৰোহৰ সন্দৰ্ভত কিয় নিশ্চুপ হৈ আছে সেয়া জানিব বিচাৰে।

“মিচেছ জ’নাছ মাত শুনিবলৈ পাম নে? মই মাত্ৰ জানিবলৈ ইচ্ছুক।…’ মিয়া খালিফাই কয়।

মিয়া খালিফাৰ এই টুইটৰ পিছতে সামাজিক মাধ্যমত এই বিষয়টোক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে যোৱা ডিচেম্বৰতে প্ৰিয়ংকা চোপ্ৰাই দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহৰ সন্দৰ্ভত টুইট কৰি নিজৰ স্থিতি প্ৰকাশ কৰিছিল।

কণ্ঠশিল্পী দলজিৎ সিঙৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰিয়ংকা চোপ্ৰাই টুইট কৰি কৈছিল, “আমাৰ কৃষকসকল ভাৰতৰ খাদ্য সৈনিক, তেওঁলোকৰ সংশয় দূৰ কৰিব লাগে। তেওঁলোকৰ আশা পূৰণ কৰাৰ প্ৰয়োজন। এখন সমৃদ্ধ গণতন্ত্ৰ হিচাপে আমি এইটো নিশ্চিত কৰিব লাগিব যে এই সংকটবোৰ যাতে অতি শীঘ্ৰে সমাধান হয়।”