NORTHEAST NOW (Assamese)
অসম

দেশত এক নতুন শ্ৰেণীৰ আবিৰ্ভাৱ হৈছে সেয়া হৈছে আন্দোলনজীৱি; আন্দোলনকাৰীক মোদীৰ কটাক্ষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2021 8:23 pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাৰ উত্তৰ কালত এক শ্ৰেণীৰ আন্দোলনকাৰীক সমালোচনাৰ লক্ষ্য কৰি লয়।

‘‘আমি শ্ৰমজীৱি, কৃষিজীৱিৰ কথা শুনিছো কিন্তু আজি কালি নতুন এক ধৰণৰ জীৱি ওলাইছে সেয়া হৈছে আন্দোলনজীৱি। এইসকল আন্দোলনজীৱিক সকলো স্থানতে দেখিবলৈ পোৱা যায়,’’ নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত কয়।

নিজৰ ব্যক্তব্যত প্ৰধান মন্ত্ৰীয়ে দেশক এইধৰণৰ আন্দোলনজীৱিৰ পৰা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

‘‘ছাত্ৰ আন্দোলন, শ্ৰমিক আন্দোলন, অধিবক্তাৰ আন্দোলন সকলোতে এই আন্দোলনজীৱিৰ আবিৰ্ভাৱ ঘটে। সকলোতে গৈ তেওঁলোকে আগফালে নিজৰ আসনত বহে, তেওঁলোকে তেনেকৈয়ে চলে,’’ মোদীয়ে ব্যংগ কৰি কয়।

অন্যান্য ৰাজ্যিক চৰকাৰ সকলেও নিজৰ নিজৰ ৰাজ্যত এইধৰণৰ আন্দোলনজীৱিৰ মুখামুখি হৈছে আৰু তেওঁলোক এই সম্পৰ্ক অৱগত বুলি উল্লেখ কৰি মোদীয়ে দেশ বৰ্তমান আন্দোলন পৰিবৰ্তে সাফল্য আৰু বিকাশৰ দিশত আগবঢ়া উচিত বুলি কয়।