NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত মৃত অৱস্থাত উদ্ধাৰ যোৱা বছৰ নিৰুদ্দেশ হোৱা যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2025 9:44 pm
ডিব্ৰুগড়ত মৃত অৱস্থাত উদ্ধাৰ যোৱা বছৰ নিৰুদ্দেশ হোৱা যুৱক

ডিব্ৰুগড়ত উদ্ধাৰ হৈছে যোৱা বছৰ নিৰুদ্দেশ হোৱা এজন যুৱকৰ মৃতদেহ।

দেওবাৰে ডিব্ৰুগড়ত এটা নলাত মৃত অৱস্থাত উদ্ধাৰ হয় যুৱকজন

খবৰ অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড় ভ্ৰমণৰ বাবে চলোৱা সুৰক্ষা অভিযানৰ সময়ত মৃতদেহটো উদ্ধাৰ কৰা হয়।

ডিব্ৰুগড়ৰ মানকাটা পথৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো।

নিহত যুৱকজন ডিব্ৰুগড়ৰ নিৰ্মালী গাঁৱৰ বাসিন্দা ৰঞ্জু কটকী (২৬) বুলি জানিব পৰা গৈছে

যোৱা বছৰ দুৰ্গা পূজাৰ পৰাই তেওঁ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।