NORTHEAST NOW (Assamese)
অসম

লকডাউন: হোম আইছ’লেশ্যন প্ৰম’ট কৰিবলৈ প্ৰত্যাহাৰ কৰা হৈছে পৰ্ণ ছাইটৰ নিষিদ্ধকৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2020 10:57 am
porn-sites-750x375

বুধবাৰে ২১ দিনৰ বাবে কৰ’নাভাইৰাছৰ লকডাউন আৰম্ভ হোৱাৰ পাছত হোম আইছ’লেশ্যনক প্ৰম’ট কৰাৰ উদ্দেশ্যেৰে ভাৰতত পৰ্ণ ছাইটৰ ওপৰত থকা নিষিদ্ধকৰণ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছে।

বাতৰি অনুসৰি, পূৰ্বে বন্ধ কৰি ৰখা কেইবাটাও প্ৰাপ্ত বয়স্ক ৱেবছাইটৰ কেইটামন COVID-19ৰ আতংকৰ সময়ত হোম আইছ’লেশ্যনক প্ৰম’ট কৰাৰ বাবে আনকি বিনামূলীয়াকৈ লাভ কৰাৰ সুবিধাও আগবঢ়োৱা হৈছে।

আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নহ’লেও কেইবাটাও পৰ্ণ ছাইট মুকলি কৰি দিয়া হৈছে।

যোৱা মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নভেল কৰ’নাভাইৰাছ সংক্ৰমণৰ মোকাবিলা কৰিবলৈ ২১ দিনীয়া ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰিছিল।

এই লকডাউন অহা ১৪ এপ্ৰিলৰ মাজলৈকে বলবৎ থাকিব।

আনহাতে, এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব।

ইয়াৰ মাজতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে জনসাধাৰণক খাদ্য সামগ্ৰী যোগান তথা আন অত্যাৱশ্যকীয় সামগ্ৰী সুলভ কৰি তোলাটো নিশ্চিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে।

জনসাধাৰণক সকাহ দিয়াৰ বাবে কেইবাটাও সাহায্যমূলক আঁচনিও ঘোষণা কৰিছে।