NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাৰ ত্ৰাস : লকডাউনৰ তৃতীয় দিনা মহানগৰীৰ বজাৰত অজস্ৰ লোকৰ ভিৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 27, 2020 1:17 pm
Lockdown: All markets except grocery shops, pharmacies to remain closed in Assam

সমগ্ৰ বিশ্বৰ প্ৰায় ২০০ খন দেশত মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ সমান্তৰালকৈ অসমতো ইয়াৰ আতংকই বিৰাজ কৰিছে।

যোৱা ২৪ এপ্ৰিলৰ নিশা ১২ বজাৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশজুৰি ঘোষণা কৰা লক ডাউনৰ আজি তৃতীয়টো দিন। এই তৃতীয় দিনা মহানগৰীৰ ৰাজপথ তথা বজাৰত যেন দেখিবলৈ পোৱা গ’ল এখন ওলোটা ছবি। মহানগৰবাসীৰ বাবে যেন ফুটুকাৰ ফেনত পৰিণত হ’ল লকডাউন।

চৰকাৰে নিৰ্দিষ্ট সময়লৈকে গেলামালৰ দোকান খোলা ৰখাৰ নিৰ্দেশনা দিয়াৰ লগতে শাক-পাচলি বিক্ৰী কৰা দোকান নিৰ্দিষ্ট সময়লৈকে খোলা ৰাখিবলৈ নিৰ্দেশ দিছিল।

তাৰ পাছতে মহানগৰীৰ প্ৰায় সংখ্যক অসচেতন লোক হাতত মোনা লৈ ঘৰৰ পৰা ওলাই বাহিৰলৈ আহি শাক-পাচলিৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হ’ল।

মহানগৰীৰ গণেশগুৰি, ফাঁচীবজাৰ, পল্টনবজাৰ, শিলপুখুৰী, হাতীগাওঁ, বেলতলা ইত্যাদি অঞ্চলত বজাৰত ভিৰ কৰেহি অজস্ৰ গ্ৰাহকে।

ৰাজ্য চৰকাৰে বাৰম্বাৰ সামাজিক ব্যৱধান বৰ্তাই ৰাখিবলৈ জনসাধাৰণক আহ্বান জনাই অহাৰ পাছতো যেন তাৰ প্ৰতি কোনো কাণসাৰ নাই জনসাধাৰণৰ।

আনকি গেলামালৰ দোকানৰ স্বত্তাধিকাৰীৰো কোনোধৰণৰ সচেতনতা দেখিবলৈ পোৱা নাই। তেওঁলোকে গ্ৰাহকসকলক দূৰত্ব বজাই থিয় হ’বলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰশাসনেও এইবোৰ দেখিও যেন নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে।

অৱশ্যে এই অবাঞ্চিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে শাক-পাচলিৰ সকলো দোকান-বজাৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে৷

53755f67-947b-4667-b368-70c6cbe42995
লকডাউনৰ মাজতে শুকুৰবাৰে মহনগৰীত বজাৰলৈ এইদৰে ওলাই আহে ৰাইজ। ফটো: নৰ্থইষ্ট নাও

 

ইপিনে, মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য বজাৰ সমূহতো জনতাৰ জনসমাগম দেখি চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

নিজৰ ফেইচবুক পেইজৰ জৰিয়তে সকলো জনসাধাৰণকে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

তেওঁ এইদৰে লিখি কয়, ‘শ্ৰদ্ধাৰ জনসাধাৰণলৈ আমাৰ কাতৰ অনুৰোধ — অনুগ্ৰহ কৰি ঘৰৰ বাহিৰলৈ নাযাব ৷ আমি এক জটিল পৰিস্থিতি অতিবাহিত কৰিব লগা হৈছে ৷ এই পৰিস্থিতি মোকাবিলা কৰিবলৈ হ’লে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান তথা পৰামৰ্শাৱলী হাতে-কামে মানি চলিব লাগিব ৷ অনুগ্ৰহ কৰি ঘৰতেই থাকক, সুৰক্ষিত হৈ থাকক ৷’

অৱশ্য, ৰাজ্য চৰকাৰৰ যোগান বিভাগে ভিন্ন স্থানত শাক-পাচলিৰ যি খুচুৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে সেয়া জনসাধাৰণৰ ঘৰে ঘৰে গৈ শাক-পাচলিৰ বিক্ৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি সচেতন মহলে মত পোষণ কৰিছে। তেতিয়া এনেধৰণৰ জনসমাগম বা ভিৰৰ পৰা ৰক্ষা পৰিব বুলি একাংশই মত পোষণ কৰে।