NORTHEAST NOW (Assamese)
অসম

লকডাউন: মোবাইল ভানেৰে শাক-পাচলি যোগান ধৰিব কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2020 1:26 pm
Vegetable-market-1140x570

কামৰূপ (মেট্ৰ’) জিলাৰ জনসাধাৰণৰ সুবিধাৰ বাবে প্ৰশাসনে প্ৰতি এদিনৰ মূৰে মূৰে মোবাইল ভানেৰে শাক-পাচলি যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শুকুৰবাৰে শাক-পাচলি ক্ৰয় কৰিবলৈ লোকসকলে লকডাউন অমান্য কৰি তথা সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম ভংগ কৰি পাচলি বজাৰলৈ ওলাই অহাৰ পাছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইয়াত পাচলি ক্ৰয় কৰিব পৰা কেন্দ্ৰসমূহ দিয়া হৈছে

Story-3-11-1140x547

শুকুৰবাৰৰ বিশৃংখল পৰিস্থিতিৰ পাছত জিলা প্ৰশাসনে গোটেই অসমতে পাচলি বজাৰসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়।

বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল যে লকডাউনৰ সময়ছোৱাত গেলামালৰ দোকান, মাছ, মাংস, ফলমূলৰ দোকান তথা পাচলিৰ বজাৰ খোলা থাকিব।

নিৰ্দেশনা অনুসৰি, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ততাৰ ওপৰত নতুন নিৰ্দেশনা জাৰি কৰিছিল।

চৰকাৰৰ নিৰ্দেশনাৰ পাছত গুৱাহাটীৰ পাচলিৰ বজাৰত বৃহৎ ভিৰ পৰিলক্ষিত হয় য’ত সামাজিক দূৰত্ব বজাই ৰখা দেখা নগ’ল।