NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ মাজতে বোকাখাতত চুলাইৰ ভাতীত আৰক্ষীৰ অভিযান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 28, 2020 6:35 pm

বোকাখাতত ল’কডাউন চলি থকাৰ মাজতে এচাম অসাধু লোকে অবৈধভাৱে চুলাই তৈয়াৰ কৰি অতি সংগোপনে ৰমৰমীয়া ব্যৱসায় চলাই আছে। বোকাখাতৰ ভকত চাপৰি, লখৌজান, চাপৰি গাঁও আদি বিভিন্ন প্ৰান্তত একাংশ লোকে নিজৰ ঘৰতে চুলাই মদ প্ৰস্তুত কৰি ব্যৱসায় চলাই আহিছে।

বোকাখাতৰ যান বাহন শাখাৰ আৰক্ষী বিষয়া গোবিন কাকতীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি চাপৰি গাঁৱত এক অভিযান চলাই বৃহৎ পৰিমানৰ চুলাই মদ আৰু ভালেমান লোকৰ বাসগৃহত চুলাই মদৰ ভাতী ধ্বংস কৰে।

অভিযান কালত কোনো লোকক আটক কৰা নাই যদিও চুলাই বনোৱা সকলোবিলাক ভাতী ভাঙি পেলোৱাৰ লগতে চুলাই প্ৰস্তুত কৰা বহু সঁজুলি জব্দ কৰা হয়। ইয়াৰ আগতেও গাঁওখনত আবকাৰী বিভাগৰ সহযোগত চুলাই মদৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিল৷

উল্লেখযোগ্য যে ল’কডাউনৰ সময়ত এই চুলাইৰ ঘাটীসমূহত লুকাই-চুৰকৈ বিভিন্ন লোকৰ সমাগম হয়। সেয়ে বোকাখাতৰ ৰাইজে আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লয়। ইফালে ক’ৰ’না ভাইৰাছৰ সংক্ৰমনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি অতি গুৰুত্বপূৰ্ণ ন’হলে গোচৰ পঞ্জীয়ণ নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।

আনহাতে বোকাখাত আৰক্ষীয়ে নগৰখনত ঘুৰি ফুৰা গৃহহীন আৰু মানসিক ৰোগী সকলক খাদ্যৰ যোগান ধৰে।