NORTHEAST NOW (Assamese)
অসম

‘মোদীজী আহে, প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচন গ’লে পাহৰি যায়’ : ত্ৰিপুৰাত প্ৰধান মন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

Posted by: পান্না ঘোষ February 16, 2018 6:44 pm
rahul gandhi in tripura

ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা আজি কৈলাশৰত এক জন সভাক সম্বোধন কৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে।

মোদীক আক্ৰমণ কৰি গান্ধীয়ে কয়, ‘মোদীজী আহে, ২, ৩ টা প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচন পাৰ হ’লে পাহৰি যায়। য’লৈকে যায়, তাতে কিবা নহয় কিবা মিছা প্ৰতিশ্ৰুতি দি গুচি যায়।’

বিজেপিয়ে ধাৰাৱাহিকভাৱে মিছা মাতি অহা আৰু ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহক সন্মান নকৰা বুলি কংগ্ৰেছ সভাপতিগৰাকীয়ে দলটোক সমালোচনা কৰে।

ৰাহুলে কয় ‘দেশৰ লাখ লাখ যুৱক-যুৱতীৰ সংস্থান নাই, অথচ তাক লৈ প্ৰধান মন্ত্ৰীৰ মুখত এটাও শব্দ নাই।’

কংগ্ৰেছ সভাপতিগৰাকীয়ে শাসনাধিষ্ঠিত চিপিআইএমকো সমালোচনা কৰে যদিও বিজেপিহে তেওঁৰ আক্ৰমণৰ প্ৰধান লক্ষ্য হোৱা দেখা গ’ল।

ত্ৰিপুৰাৰ উনাকতি জিলাৰ ৰামকৃষ্ণ মহাবিদ্যালয় ষ্টেডিয়ামৰ এই জনসভা্ত যথেষ্টসংখ্যক কংগ্ৰেছ সমৰ্থকে অংশগ্ৰহণ কৰে।

অহা ১৮ ফেব্ৰুৱাৰিত একেটা পৰ্য্যায়তে আটাইকেইটা সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ত্ৰিপুৰাৰ ফলাফল ঘোষিত হ’ব ৩ মাৰ্চত।