NORTHEAST NOW (Assamese)
Uncategorized

নয়ডাত ১৩ কৰ্মচাৰী আক্ৰান্ত ক’ৰ’নাত; ট্ৰেভেল হিষ্ট্ৰীৰ লুকুৱাৰ বাবে আটক এম ডিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2020 9:09 pm
b6337954e15a6fe1529944fb1f85b034

নয়ডাৰ এটা কোম্পানীৰ ১৩ জন কৰ্মচাৰী আক্ৰান্ত হৈছে ক’ৰ’না ভাইৰাছত।

নয়ডাৰ গৌতম নগৰস্থিত কোম্পানীৰ পৰিচালন সঞ্চালকজনে বিদেশ ভ্ৰমণ কৰি ভ্ৰমণ বৃতান্ত লুকুৱাই ৰখাৰ ফলত কোম্পানটোৰ ১৩ জনকৈ কৰ্মচাৰীৰ শৰীৰত মাৰাত্মক ভাইৰাছে সংক্ৰমণ ঘটাৰ কথা পোহৰলৈ আহিছে।

ইতিমধ্যে পৰিচালন সঞ্চালকজনক ট্ৰেভেল হিষ্ট্ৰী লুকুৱাই ৰখাৰ অপৰাধ গ্ৰেপ্তাৰ কৰা হৈছে।

নয়ডাৰ গৌতম নগৰৰ মুখ্য চিকিৎসা বিষয়া অনৰাগ ভাৰ্গৱে ৰবিবাৰে সংবাদ মাধ্যমক এই কথা জনায়।

গ্ৰেটাৰ নয়ডাত বৰ্তমানলৈকে ২৬ জন লোক এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে।

গৌতম নগৰৰ জিলা প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে যে আইচ’লেশ্যন থকা সকলোধৰণৰ শ্ৰমিক-কৰ্মচাৰীকে উদ্যোগ তথা প্ৰতিষ্ঠানবোৰে ২৮ দিনৰ মজুৰি দিব লাগিব। এই নিৰ্দেশ সমগ্ৰ গ্ৰেটাৰ নয়ডাত প্ৰযোজ্য হ’ব।

নয়ডা জনসাধাৰণৰ বাবে প্ৰশাসনে ০১২০-২৫৪৪৭০০ নম্বৰৰ এটা কন্ট্ৰল নম্বৰ মুকলি কৰিছে।

বৰ্তমানলৈকে উত্তৰ প্ৰদেশত ৫৪ জন লোক মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১১ জন আক্ৰান্ত সুস্থ হৈ উঠিছে।