NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ৰে’লৱে মজদুৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

Posted by: এন ই নাও নিউজ May 8, 2018 1:18 pm

আজি ৰেল কৰ্মচাৰীসকলে ৰেল প্ৰশাসনৰ ৰেল শ্ৰমিক বিৰোধী আৰু ৰে’ল যাত্ৰীৰ সুৰক্ষা বিৰোধী নীতিৰ প্ৰতিবাদত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

সৰ্বভাৰতীয় ৰে’ল মেনছ ফেডাৰেচনৰ আহ্বানত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে আজি ডিব্ৰুগড় বাণিপুৰ ৰে’লৱে ষ্টেচনত কেইবাটাও দাবীৰ প্ৰতিবাদত প্ৰতিবাদ সাব্যস্ত কৰি ডিব্ৰুগড়ৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় উপ-সভাপতি সঞ্জীৱ ভট্টাচাৰ্য্য, এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ ডিব্ৰুগড় শাখাৰ উপ-সভাপতি দিগন্ত হাজৰিকা, সাধাৰণ সম্পাদকৰ নেতৃত্বত ৰূপায়ণ কৰা ৭২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত প্ৰায় শতাধিক ৰেল কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী সকলে ‘নতুন পেঞ্চন নীতি বন্ধ কৰি সকলো ৰেল শ্ৰমিক তথা পৰিয়ালবৰ্গক পুৰণি নীতিৰ আধাৰত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, দৰমহাৰ নিৰিখ বন্ধ কৰা, ৰে’লৱেৰ কাম-কাজৰ ব্যক্তিগতকৰণ আৰু ঠিকাভিত্তিত ব্যৱস্থা বন্ধ কৰা’ আদিকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে।