NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ “মানুহে মানুহৰ বাবে” শীৰ্ষক বিজ্ঞান চেতনা যাত্ৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 17, 2020 5:45 pm
WhatsApp Image 2020-01-16 at 10.34.55 PM

যোৱা ৭ জানুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ উদ্যোগত চৰাইদেউ জিলাত বিজ্ঞান চেতনা আৰম্ভ হয়।

ইয়াৰ পাছতে চৰাইদেউ, ডিব্ৰুগড়,  শিৱসাগৰ, তিনিচুকীয়া আৰু শদিয়া আৰক্ষী জিলাত মানুহে মানুহৰ বাবে নামেৰে এলানি বিজ্ঞান সজাগতা, মানৱতা আৰু বিশেষকৈ শান্তি সম্প্ৰীতিৰ হকে কাৰ্যসূচী ৰূপায়ন কৰা হয়।

উক্ত কাৰ্যসুচীত উপস্থিত স্থানীয় লোক সকলক উদ্দেশ্যি বিজ্ঞান মনস্কতা, মানৱতা আৰু শান্তি, সম্প্ৰীতিৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অন্ধ বিশ্বাসৰ বিৰুদ্ধে কাম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অন্ধবিশ্বাস বিৰোধী নেতা, মানব অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজোতি শইকীয়াই বিশ্লেষণাত্মক ভাষণ আগবঢ়ায়।

উজনি অসমৰ গ্ৰাম্য সমাজৰ সদৰৰ গাওঁবুঢ়া, মহিলা সমিতি আৰু বিশেষকৈ প্ৰতিখন জিলাৰ গাওঁৰক্ষী বাহিনীৰ সদস্য তথা বিষয়ববীয়া তথা যুৱ সংঘৰ বিষয়ববীয়া  আৰু সমাজকৰ্মী সকলক উদ্দেশ্যি মানব অধিকাৰ কৰ্মী ডঃ শইকীয়াই বিশেষভাৱে আহ্বান জনায়।

তেওঁ কয়, ‘’গাওঁৰ প্ৰতিজন লোকক গাওঁৰক্ষী বাহিনী, মহিলা সমিতি আদিয়ে যিহেতু নেতৃত্ব প্ৰদান কৰে তেনে ক্ষেত্ৰত এই জিলা পৰ্যায়ৰ তথা গাওঁৰ নেতা সকলে বুজিব আৰু জানিব লাগিব কোনটো কি, ভাল কোনটো বেয়া কোনটো? সকলো জানি বুজিহে আমি সৰ্বসাধাৰণক নেতৃত্ব দিয়া উচিত।‘’

index
ব্ৰাদাৰ্ছৰ বিজ্ঞান চেতনা যাত্ৰাত বাটৰ নাটৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

অন্ধ বিশ্বাসৰ বিৰুদ্ধে কাম কৰি বিশ্ব অভিলেখ কৰিবলৈ সক্ষম হোৱা, ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজোতি শইকীয়াই  নিৰ্দিষ্ট বক্তাৰ ভাষণত অন্ধবিশ্বাসৰ উপৰি পিছল মানুহ, সোপাধৰা, মাংকিমেন আদিৰ ওপৰত বক্তব্য আগবঢ়াই কয় যে এইবোৰ ভ্ৰান্ত ধাৰণা আৰু ফেইচবুক, WhatsAppত এই উৰাবাতৰিবোৰ বিয়পি পৰে। সেইয়ে এনে  উৰাবাতৰিবোৰ আমাৰ গ্ৰাম্যনেতা সকলে প্ৰতিৰোধ কৰিব লাগিব।

ড০ শইকীয়াই অন্ধবিশ্বাস, উৰাবাতৰি ৰোধ কৰি মানৱতা তথা শান্তি ৰক্ষা কৰি বৈজ্ঞানিক মনোভাৱেৰে আগবাঢ়িবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

উক্ত কাৰ্যসুচীৰ লগতে সংগতি ৰাখি এখন বাটৰ নাট, চুটি ছবি ‘আলৌকিকতাৰ আৰঁৰ বিজ্ঞান’ আদিৰ প্ৰদৰ্শন কৰা হয়।