NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ ১০৮ বছৰীয়াৰ বৃদ্ধাৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2020 8:13 pm
index.jpg1

মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১০৮ বছৰীয়া এগৰাকী বয়োবৃদ্ধাৰ। বৃটিছ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি ।

গ্ৰেট বৃট্ৰেইনৰ ১০৮ বৰ্ষীয়া মহিলাগৰাকী দুয়োখন বিশ্বযুদ্ধৰে সাক্ষী আছিল।

১৯১৮ চনৰ স্পানিছ ফ্লুৰ আতংকৰ সময়ত মৃত্যুক জয়ী কৰা হিল্ডা চাৰ্চিল নামৰ মহিলাগৰাকী এইবাৰ মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে।

অহা ৫ এপ্ৰিলত ১০৯ বছৰীয়া জন্মজিন উদযাপনৰ বাবে সাজু হোৱাৰ পূৰ্বে মহিলাগৰাকীৰ শৰীৰত যোৱা মঙলবাৰে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সামান্য লক্ষণে দেখা দিছিল।

চেল্ফ’ৰ্ড চিটিত হোমকেয়াৰত থকা অৱস্থাত  COVID-19 প’জিটিভ পোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে যোৱা শনিবাৰে মহিলাগৰকাৰীৰ মৃত্যু ঘটে।

হিল্ডা চাৰ্চিলৰ মৃত্যুৰ পিছতে বৃট্ৰেইনত ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা আটাইতকৈ বয়োবৃদ্ধ বুলি স্বীকৃত হৈছে।

উল্লেখ্য যে বৃট্ৰেইনত এতিয়ালৈকে ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যাই ১২ শ অতিক্ৰম  কৰিছে।