NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ বিৰুদ্ধে যুঁজত আগবাঢ়ি আহিল হিটমেন ৰোহিত; আগবঢ়ালে বৃহৎ পৰিমানৰ ধন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 12:44 pm
555_1585630860_618x347

কৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজত এইবাৰ আগবাঢ়ি আহিল টীম ইণ্ডিয়াৰ ‘হিটমেন’ খ্যাত বিস্ফৰক বেটছমেন ৰোহিত শৰ্মা।

টীম ইণ্ডিয়াৰ টী-২০ দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাই মাৰাত্মক প্ৰাণনাশী ভাইৰাছৰ বিৰুদ্ধে নিজৰ বৰঙণি দিয়াৰ কথা ঘোষণা কৰিছে।

ৰোহিতে মঙলবাৰে ছচিয়েল মিডিয়াত টুইট কৰি তেওঁৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

মঙলবাৰে ৰোহিতে টুইটাৰত কয়,’’আমি নিজৰ দেশখনক পুনৰ নিজৰ ভৰিত থিয় দিব পৰা কৰি তোলাৰ প্ৰয়োজন আৰু এই সকলো আমাৰ ওপৰত নিৰ্ভৰ কৰিছে। মই প্ৰধান মন্ত্ৰীৰ আৰোগ্য নিধিলৈ ৪৫ লাখ, মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ (মহাৰাষ্ট্ৰ) ২৫ লাখ, ফিডিং ইণ্ডিয়াক ৫ লাখ আৰু পথৰ ৱেলফেয়াৰ অফ ষ্ট্ৰে ডগছ্ক ৫লাখ টকা দান কৰাৰ সিদ্ধান্ত লৈছো।‘’

এইদৰে ৰোহিত শৰ্মাই সৰ্বমুঠ ৮০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে।

ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে টুইট যোগে কয়,’’অনুষ্কা আৰু মই প্ৰধান মন্ত্ৰীৰ আৰোগ্য নিধি আৰু মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ (মহাৰাষ্ট্ৰ) সহায় আগবঢ়োৱাৰ শপত লৈছো।‘’

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাই ৫২ লাখ টকা বৰঙণি আগবঢ়ায়। শচীন তেণ্ডুলকাৰে ৫০লাখ, বেডমিন্টন খেলুৱৈ পি বি সিন্ধুই ১০ লাখ টকা আগবঢ়াইছে।

আনহাতে, আজিংকা ৰাহানে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ লাখ টকা আৰু সৌৰভ গাংগুলীয়ে ৫০ লাখ টকাৰ চাউল আগবঢ়োৱাৰ উপৰি ইশান কিশনে ২০ লাখ, প্ৰাক্তন ক্ৰিকেটাৰ অতুল ৱাছনে ৫ লাখ টকা আৰু সৌৰভ তিৱাৰীয়ে ডেৰ লাখ টকা বৰঙণি আগবঢ়ায়।