NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ আতংকৰ মাজতে গোলাঘাটত বনাঞ্চলৰ ভিতৰত বনৰীয়া হাতীৰ চিকিৎসা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 1, 2020 7:06 am
Elephant

কৰ’ণাৰ আতংকৰ মাজতে গোলাঘাটত বনাঞ্চলৰ ভিতৰতে বনৰীয়া হাতীৰ চিকিৎসা

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যত চলি থকা ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে মঙলবাৰে গোলাঘাট বন সংমণ্ডলৰ বিজুলী সংৰক্ষিত বনাঞ্চলত এজনী আহত বনৰীয়া হাতীক চিকিৎসা প্ৰদান কৰা হয়৷

বিগত কিছুদিন ধৰি বিজুলী সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলত বিচৰণ কৰি ফুৰা হাতীজনীৰ বিষয়ে স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাত আজি গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত বনাঞ্চলৰ ভিতৰতে চিকিৎসা প্ৰদান কৰা হয় হাতীজনীক৷

গোলাঘাটৰ বন সংমণ্ডলৰ ডি এফ অ’ ভাস্কৰ ডেকা আৰু বনাঞ্চলিক বিষয়া পুষ্পধৰ বুঢ়াগোঁহাই আৰু গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ নেতৃত্বত কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা০ চামচুল আলিয়ে আহত হাতীজনীৰ চিকিৎসা প্ৰদান কৰে ৷

বনাঞ্চলৰ ভিতৰতে চেতনা নাশক প্ৰয়োগ কৰি হাতীজনীৰ চিকিৎসা প্ৰদান কৰা হয় ৷

আহত ৩৫ বছৰীয়া হাতীজনীৰ আগফালৰ সোঁ ভৰিখন ভাঙি যোৱাৰ উপৰিও শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ লগতে জুয়ে পোৰা চিনো বিদ্যমান৷

বনাঞ্চলৰ ভিতৰতেই ডা০ চামচুল আলীয়ে হাতীজনীৰ চিকিৎসা প্ৰদান কৰে৷ মঙলবাৰে চিকিৎসাৰ অন্তত হাতীজনীক ঔষধ খুৱাই পৰ্যবেক্ষণ কৰিবৰ বাবে বন বিভাগক অনুৰোধ জনাই ডা০ চামচুল আলীয়ে৷

আজিৰ অভিযানত বন বিভাগক স্থানীয় লোকেও সহায় কৰে৷