NORTHEAST NOW (Assamese)
অসম

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা; নিজামুদ্দিন জামাতত অংশলোৱা ৯৩ গৰাকী ব্যক্তি ক’ৰ’না পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2020 7:33 am
nizamuddin

সমগ্ৰ ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।

বৰ্তমান সময়ত দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণলৈ অহা লোকৰ সংখ্যা হৈছে ১৬১১ গৰাকী আৰু ইয়াৰে ভিতৰত ৪৬ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে, ১৫৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰিছে।

উল্লেখযোগ্য যে, দিল্লীৰ নিজামুদ্দিন জামাতত অংশগ্ৰহণ কৰা লোক সকলৰ বৰ্তমানলৈ মুঠ ৯৩ গৰাকী লোকক ক’ৰ’না পজিটিভ পোৱা গৈছে।

ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত ২৩ গৰাকী নতুনকৈ ক’ৰ’নাত আক্ৰান্ত লোক পোহৰলৈ আহিছে।

সমগ্ৰ বিশ্বত বৰ্তমানলৈ সৰ্বমুঠ ৮,৩৮,০০০-ত কৈ অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ইয়াৰে ভিতৰত ৪১,২৬১ গৰাকী লোকৰ মৃত্যু হৈছে।

ইটালী আৰু স্পেইনত সৰ্বাধিক লোকে এই সময়লৈ ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে।