NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী আই আই টিৰ ছাত্ৰই নিৰ্মাণ কৰিলে বৃহৎ অঞ্চল চেনিটাইজ কৰিব পৰা বিশেষ দ্ৰোণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2020 8:29 am
Corona Drone

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশক উদ্ধাৰৰ বাবে ভাৰতৰ বিভিন্ন লোকে বৰ্তমান সময়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ এটা গৱেষক ছাত্ৰৰ দলে পথ আৰু উদ্যান আদিৰ দৰে বৃহৎ অঞ্চলত স্প্ৰে কৰিব পৰাকৈ দ্ৰোণ নিৰ্মাণ কৰি উলিয়াইছে।

ক’ৰ’না ভাইৰাছ মুক্ত কৰাৰ বাবে বৃহৎ অঞ্চলসমূহ চেনিটাইজ কৰাৰ ক্ষেত্ৰত এই দ্ৰোণ সহায়ক হ’ব বুলি ছাত্ৰৰ দলটোৱে উল্লেখ কৰে।

গৱেষক ছাত্ৰৰ দলটোৱে দাবী কৰা মতে এগৰাকী চাফাই কৰ্মীয়ে দুদিনত কৰা কাম এই দ্ৰোণৰ সহায়ত মাত্ৰ ১৫ মিনিটতে কৰিব  পৰা যাব।

আনহাতে, মাত্ৰ এগৰাকী ব্যক্তিয়ে মোবাইল এপ্লিকেশ্যনৰ দ্বাৰা এই দ্ৰোণখন পৰিচালনা কৰিব পাৰিব বুলিও তেওঁলোকে উল্লেখ কৰে।

উল্লেখযোগ্য যে, ইণ্ডিয়ান ইষ্টিটিউট অব চায়েঞ্চৰ এটা গৱেষকৰ দলেও ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ চিকিৎসাত সহায়ক হোৱাকৈ স্থানীয় সামগ্ৰীৰে কম মূল্যৰ ভেণ্টিলেটৰ নিৰ্মাণ কৰি উলিয়াইছে।