NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছে প্ৰাণ ল’লে বিশ্বৰ এগৰাকী প্ৰখ্যাত কমেডিয়ানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2020 8:58 am
d2ff2cc830797433953ae36bec281d53

বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰিছে ক’ৰ’না ভাইৰাছে। এই ভাইৰাছবিধে এফালৰ পৰা প্ৰাণ লৈছে সাধাৰণ লোকৰ পৰা জনপ্ৰিয় ব্যক্তিলৈকে।

ক’ৰ’নাত আক্ৰান্ত হৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও প্ৰভাৱশালী ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ পিছত এইবাৰ জাপানৰ জনপ্ৰিয় কমেডিয়ান কেন চিমুৰাই মৃত্যুবৰণ কৰিলে।

৭০ বছৰীয়া কেন চিমুৰা ১৯৭০ৰ পৰা ৮০ চনলৈকে কমেডিৰ জৰিয়তে জাপানৰ লগতে বিশ্বৰ অন্য প্ৰান্তৰ অনুৰাগীৰ মাজত খুব জনপ্ৰিয় হৈ পৰিছিল।

জানিব পৰা মতে চিমুৰাই হঠাৎ উশাহ-নিশাহ লোৱাত কষ্ট পোৱাত যোৱা ১৯ মাৰ্চত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও যোৱা ২৯ মাৰ্চ অৰ্থাৎ দেওবাৰে তেওঁৰ মৃত্যু হয়।

জনপ্ৰিয় অভিনেতা গৰাকীৰ মৃত্যু বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে ছ’চিয়ল মিডিয়াযোগে অভিনেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে গ্ৰেমী আৰু CMA বঁটা বিজয়ী আমেৰিকাৰ প্ৰখ্যাত জ’ দিফিও ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।