NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতলৈ ১০০ কোটি টকাৰ মূল্যৰ হাজমাট চ্যুট আৰু মাস্ক আগবঢ়াব টিকটকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2020 9:06 pm
tiktok

মাৰাত্মক ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধত ভাৰতক সহায় কৰিব টিকটকে।

টিকটক নামৰ প্ৰতিষ্ঠানটোৱ ভাৰতক প্ৰায় ১০০ কোটি টকাৰ মূল্যৰ হাজমাট চ্যুট আৰু মাস্ক আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

ভাৰতত অতি জনপ্ৰিয় টিকটকে বুধবাৰে ঘোষণা কৰিছে যে টিকটকে ক’ৰ’না আক্ৰান্ত লোকৰ চিকিৎসা সেৱাত নিয়োজিত চিকিৎসা কৰ্মীৰ বাবে ৪ লাখ হাজমাট চ্যুটৰ লগতে মাস্কো আগবঢ়াব।

এই সামগ্ৰীসমূহ টিকটকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ হাতত অপৰ্ণ কৰিব।

ইতিমধ্যে দিল্লী আৰু মুম্বাইত ২ লাখ মাস্ক বিতৰণ কৰা বুলি জানিবলৈ দিছে টিকটকে।

‘এটা দায়িত্ববোধসম্পন্ন সংস্থা হিচাপে ভাৰতীয় মানুহৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি আমাৰ দায়িত্ব আছে। আমি সেই দায়িত্ব পালন কৰিছো আৰু আগলৈও দান বৰঙণিৰে ভাৰতক সহযোগিতা আগবঢ়াই যাম।’ টিকটকে এইদৰে কয়।

ইয়াৰ পূৰ্বে টিকটকৰ অধ্যক্ষ এলেক্স ঝুৱে বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ COVID19 ৰ ফাণ্ডলৈ ১০ মিলিয়ন মাৰ্কিন ড’লাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।