NORTHEAST NOW (Assamese)
Popular Stories

Viral Gutkha Man in India vs New Zealand test: ভাইৰেল ‘জ্বৰত’ ব্যতিব্যস্ত কানপুৰ টেষ্টৰ ‘গুটখা মেন’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2021 3:35 pm
Viral Gutkha Man in India vs New Zealand test

কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা প্ৰথম খন টেষ্ট খেলৰ মাজতে এজন ব্যক্তিয়ে ফোনত কথা পাতি থকা আৰু ‘ধপাত’ চোবাই থকা এটা ভিডিঅ’ বৃহস্পতি বাৰে ভাইৰেল হৈ পৰাৰ পিছতে সামাজিক মাধ্যমত ব্যাপক হাস্যৰসৰ সৃষ্টি হৈছিল।

ভাইৰেল হোৱা ব্যক্তিজনক, কানপুৰৰ মহেশ্বৰী মাহোলৰ বাসিন্দা শোবিত পাণ্ডে বুলি চিনাক্ত কৰা হৈছে। শুক্ৰবাৰে শোবিত পাণ্ডেক পুনৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত দেখিবলৈ পোৱা গ’ল। এইবাৰ পাণ্ডেই হাতত এখন প্লেকাৰ্ড লৈ থকা দেখিবলৈ পোৱা যায়, য’ত লিখা আছিল “ধপাত খোৱাটো এটা বেয়া অভ্যাস”।

 

বৃহস্পতিবাৰে ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত পাণ্ডে কৌতুকৰ কেন্দ্ৰ হৈ পৰিছিল আৰু সামাজিক মাধ্যমত তেওঁক গুটখা মেন নামেৰে ট্ৰ’ল কৰা হৈছিল। আনকি জনপ্ৰিয় কবি ড০ কুমাৰ বিশ্বাস আৰু প্ৰাক্তন ভাৰতীয় বেটাৰ ৱাছিম জাফৰৰ দৰে ব্যক্তিত্বেও টুইটাৰত পাণ্ডেৰ মিম শ্বেয়াৰ কৰিছিল।

ভাইৰেল হৈ পৰাৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে শোবিত পাণ্ডেই। পাণ্ডেই কয়, “প্ৰথমতে মই স্পষ্ট কৰিব বিচাৰো যে মই গুটখা খোৱা নাই। মই পাণ খাই আছিলো আৰু মোৰ বন্ধুৰ সৈতে ফোনত কথা পাতি আছিলো। তেওঁ একেখন ষ্টেডিয়ামতে এটা পৃথক ষ্টেণ্ডত বহি খেল চাই আছিল।”

“এইটো মাত্ৰ দহ ছেকেণ্ডৰ ফোন কল আছিল আৰু এই ক্ষণটোৱেই ভাইৰেল হৈ পৰিছিল। মই কথা পাতি থকা মোৰ বন্ধুজনেই মোক ভিডিঅ’টো ভাইৰেল হৈ পৰিছে বুলি খবৰ দিছিল।” তেওঁ লগতে কয়।

তেওঁ লগতে কয়, ভিডিঅ’টোত তেওঁৰ কাষত বহি থকা দেখিবলৈ পোৱা যুৱতীগৰাকী তেওঁৰ নিজা ভগ্নী আছিল। কিন্তু বহুলোকে তেওঁলোকক আন সম্পৰ্কৰ পৰিচয় দি বেয়া মন্তব্য কৰিছে।ই তেওঁক বিচলিত কৰি তুলিছে।

“মই একো ভুল কৰা নাছিলো, সেয়েহে মই এই বিষয়ত লজ্জিত নহয়। মই কেৱল চিন্তিত যে কিছুমান মানুহে মোৰ ভগ্নীৰ বিষয়ে বেয়া মন্তব্য দি আছে। মই সমগ্ৰ পৰিস্থিতিটোৰ সন্দৰ্ভত মিডিয়া হাউচ আৰু আন লোকৰ পৰা অসংখ্য ফোন পাইছো আৰু মই ব্যতিব্যস্ত হৈ পৰিছো।”- পাণ্ডেই কয়।