NORTHEAST NOW (Assamese)
অসম

২৯ নৱেম্বৰৰ ট্ৰেক্টৰ ৰেলী বাতিল কৰিলে প্ৰতিবাদী কৃষকে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 27, 2021 4:15 pm
a farmers

তিনিখনকৈ বহু বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত অটল হৈ থকা প্ৰতিবাদী কৃষকসকলে অহা ২৯ নৱেম্বৰত ট্ৰেক্টৰ ৰেলীৰ আহ্বান জনাইছিল যদিও আজি সেই কাৰ্যসূচী প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে।

সংযুক্ত কৃষক মৰ্চাৰ শীৰ্ষ নেতৃত্বই এই কথা প্ৰকাশ কৰিছে।

কৃষক সংগঠনটোৰ নেতাসকলে এইবুলি প্ৰকাশ কৰিছে যে সংসদৰ শীতকালীন অধিৱেশনতে চৰকাৰে কৃষি আইন কেইখন বাতিলৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁলোক আশাবাদী ।

সেইবাবেই ২৯ নৱেম্বৰৰ প্ৰস্তাৱিত ট্ৰেক্টৰ ৰেলী বাতিল কৰা হৈছে। উল্লেখ্য ২৬ জানুৱাৰীৰ দিনা কৃষকসকলে নতুন দিল্লীত উলিওৱা ট্ৰেক্টৰ ৰেলাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

২৯ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব আৰু এই অধিৱেশনতে চৰকাৰে নূন্যতম সমৰ্থন মূল্য সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দাবী জনাইছে কৃষকসকলে।

প্ৰতিবাদী কৃষকসকলে লগতে লখিমপুৰ খেৰীৰ কৃষক হত্যাত জৰিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰী সভাৰ পৰা অপসাৰণ কৰাৰ উপৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰে।

তদুপৰি প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে ৰে’ল বিভাগে দিয়া গোচৰ আদিও প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে কৃষকসকলে।

উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু নানক জয়ন্তীৰ দিনা তিনিও খন কৃষি বিধেয়ক বাতিল কৰিব বুলি ঘোষণা কৰিছিল।

কেন্দ্ৰীয় কেবিনেটেও অলপতে তিনিওখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছিল।