NORTHEAST NOW (Assamese)
অসম

পিএফ থকাসকলে এই কামটো নকৰিলে তিনিদিনৰ ভিতৰতে বন্ধ হৈ পৰিব পিএফ একাউণ্ট

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 27, 2021 3:24 pm
পিএফ থকাসকলে এই কামটো নকৰিলে তিনিদিনৰ ভিতৰতে বন্ধ হৈ পৰিব পিএফ একাউণ্ট

মাজত মাত্ৰ তিনিদিন।

এই তিনিদিনৰ ভিতৰত পিএফৰ একাউণ্ট থকাসকলে তেওঁলোকৰ পিএফ একাউণ্ট আধাৰৰ সৈতে যুক্ত নকৰে তেন্তে অচল হৈ পৰিব তেওঁলোকৰ পিএফ একাউণ্ট।

নিৰ্দিষ্ট সময়ৰ ভিতৰত পিএফ একাউণ্টৰ সৈতে আধাৰ যুক্ত নকৰিলে পিএফ একাউণ্টত ধন জমা হোৱা বন্ধ হৈ পৰিব আৰু পিএফৰ অন্যান্য সুবিধাসমূহ লাভ কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিব।

উল্লেখ্য পিএফৰ সৈতে আধাৰ নম্বৰ যুক্ত কৰাৰ শেষ দিন ৩০ নৱেম্বৰ নিৰ্ধাৰণ কৰা হৈছিল।

দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে পিএফৰ সৈতে আধাৰ যুক্ত কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে আবেদন জনাই আহিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিততে যোৱা ১৫ নৱেম্বৰত আধাৰৰ সৈতে পিএফ যুক্ত কৰাৰ সময়সীমা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছিল।

উল্লেখ্য আধাৰৰ সৈতে পিএফ যুক্ত কৰাৰ ক্ষেত্ৰত বহু কোম্পানীৰ কৰ্মচাৰীয়ে অসুবিধাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত এছোচিয়ছেন অৱ ইণ্ডাষ্ট্ৰীজে আদালতৰ কাষ চাপিছিল।

আদালতে শেষত আধাৰৰ সৈতে পিএফ একাউণ্ট সংযুক্ত কৰাৰ সময় ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰিছিল।

জানিব পৰা মতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ক্ষেত্ৰত পিএফৰ সৈতে আধাৰ সংযুক্ত কৰাৰ শেষ দিন ৩১ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।